নিউজ ডেস্ক: ভাৰতৰ জনপ্ৰতিনিধি সম্পৰ্কে ছিংগাপুৰৰ প্ৰধান মন্ত্ৰীয়ে কৰা মন্তব্যই ভাৰতৰ ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। প্ৰধান মন্ত্ৰী লী ছিয়েন লুঙৰ মন্তব্যৰ বিৰোধিতা কৰি দেশখনৰ ৰাষ্ট্ৰদূতক তলব কৰা কাৰ্য্যক কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে সমালোচনা কৰে।

থাৰুৰে টুইট কৰি কয় যে ছিংগাপুৰৰ দৰে এখন বন্ধু দেশৰ ৰাষ্ট্ৰদূতক দেশখনৰ প্ৰধান মন্ত্ৰীয়ে তেওঁলোকৰ নিজা সংসদত কৰা মন্তব্যক লৈ তলব কৰা কাৰ্য্য খুবেই অশুৱনি।

‘তেওঁ (লী) কথাখিনি সাধাৰণভাৱে (আৰু ভালেখিনি সঠিকভাৱে) কৈছিল। আমাৰ নিজৰ ৰাজনৈতিক নেতাবোৰে যেনে কথা কয় সেই হিচাপত আমি ছাল কম পাতল কৰিবলৈ শিকা উচিত!’ থাৰুৰে কয়।

আন এক টুইটত কংগ্ৰেছ সাংসদ গৰাকীয়ে কয় যে ভাৰতে বিষয়টোক সন্দৰ্ভত এখন বিজ্ঞপ্তিৰ জৰিয়তে ‘আমি আন দেশৰ অভ্যন্তৰীণ বিষয় তথা বিদেশী (ৰাষ্ট্ৰৰ) সংসদত হোৱা বিতৰ্কত মাত নামাতো আৰু সকলোৰে পৰা একেই নীতি আশা কৰোঁ’ বুলি ক’ব লাগিছিল।

উল্লেখযোগ্য যে ছিংগাপুৰৰ প্ৰধান মন্ত্ৰীয়ে সংসদত দিয়া মন্তব্যৰ পিছত ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ে দেশখনৰ হাই কমিছনাৰ ছিমন ৱং (Simon Wong)-ক তলব কৰি প্ৰধান মন্ত্ৰী লীৰ মন্তব্য ‘অবাঞ্চিত’ আৰু ভাৰতে ইয়াৰ তীব্ৰ আপত্তি কৰে বুলি জনায়।

ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী লী ছিয়েন লুঙে দেশখনৰ সংসদত চলা এক বিতৰ্কত কথা প্ৰসংগত ভাৰতৰ লোকসভাৰ আধাসংখ্যক সাংসদ ধৰ্ষণ, হত্যাকে ধৰি বিভিন্ন গোচৰত অভিযুক্ত হৈ বিচাৰাধীন হৈ আছে বুলি উল্লেখ কৰিছিল।

লগতে পঢ়ক – নেহৰুৰ দেশত আজি অৰ্ধেক সংখ্যক সাংসদেই অপৰাধত অভিযুক্ত: ছিংগাপুৰৰ প্ৰধান মন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply