নিউজ ডেস্কঃ পশ্চিমবংগত সদনত আজি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ বিধায়কৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় সদনৰ ভিতৰতেই। দৰাচলতে, বিজেপি বিধায়ক সকলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক পশ্চিমবংগত অপৰাধ বৃদ্ধি আৰু আইন শৃংখলাজনিত প্ৰশ্ন কৰাৰ পাছতে সংঘটিত হয় এই ঘটনা।

ইতিমধ্যে দুয়োটা দলৰ বিধায়কৰ মাজত সংঘটিত এই মাৰপিটৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। আৰু ভিডিঅ’টোত দেখা গৈছে বিজেপি বিধায়ক আৰু টিএমচিৰ বিধায়কৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱা।

ইফালে, বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালবীয়ে ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি লিখিছে- ”পশ্চিমবংগৰ বিধানসভাত হুলস্থূল পৰিৱেশ। পশ্চিমবংগৰ ৰাজ্যপালৰ পাছত টিএমচি বিধায়কসকলে এইবাৰ বিজেপি বিধায়কসকলৰ প্ৰহাৰ কৰিছে। তেওঁলোকে সদনত ৰামপুৰহাট হত্যাকাণ্ড সন্দৰ্ভত চৰ্চাৰ বাবে দাবী কৰাৰ কাৰণেই এই ঘটনা সংঘটিত হৈছে। মমতা বেনাৰ্জীয়ে কি লুকুৱাব বিচাৰিছে?’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply