পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ১২ জনকৈ লোকে নিৰ্বাচনোত্তৰ হিংসাত প্ৰাণ হেৰোৱাব ল’গা হৈছে।
মমতা বেনাৰ্জীয়ে ইয়াৰ বাবে বিজেপিক জগৰীয়া কৰাৰ লগতে সকলোকে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। কাইলৈ (বুধবাৰ) তেওঁ পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
ইপিনে প্ৰধান মন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ ‘আইন-শৃঙ্খলা’ পৰিস্থিতিক লৈ ‘গভীৰ দুখ আৰু উদ্বেগ’ প্ৰকাশ কৰিছে বুলি ৰাজ্যপাল জগদীপ ধংখড়ে টুইট কৰি কয়।
ধংখড়ে সোমবাৰে পশ্চিমবংগৰ বিজেপিৰ সভাপতি দিলীপ ঘোষ আৰু পিছত এঘণ্টাৰ বাবে মমতা বেনাৰ্জীক লগ ধৰি বিষয়টো আলোচনা কৰে আৰু ৰাজ্য প্ৰশাসনৰ এই সম্পৰ্কত এখন প্ৰতিবেদন বিচাৰে।
আজি ৰাজ্যখনত আহি উপস্থিত হোৱা বিজেপিৰ সভাপতি জে.পি নড্ডাই দলৰ কৰ্মীসকলকৰ লগত মিলিত হৈ আলোচনাত বহে। কাইলৈ, মমতা বেনাৰ্জীয়ে শপত গ্ৰহণ কৰিবলগীয়া দিনা, দলটোৱে ‘আক্ৰমণৰ’ বিৰোধিতা কৰি দেশজোৰা ধৰ্ণা কাৰ্য্যসূচী হাতত লৈছে।
বিজেপিৰ মতে এই হিংসাত তৃণমূল কংগ্ৰেছৰ আক্ৰমণত তেওঁলোকৰ ৬ গৰাকী কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে। তৃণমূল কংগ্ৰেছৰ সদস্যই তেওঁলোকৰ বহুকেইটা দলীয় কাৰ্য্যালয় ভাঙি পেলোৱা বুলিও বিজেপিয়ে অভিযোগ কৰে।
আনহাতে তৃণমূল কংগ্ৰছৰ মতে দলটোৰ ৫ গৰাকী সমৰ্থকক হত্যা কৰা হৈছে, ইয়াৰে ৩ গৰাকী পূব বৰ্ধমান জিলাৰ আৰু ১ গৰাকী হুগলি জিলাৰ।
ইয়াৰ উপৰি ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্টৰ এগৰাকী কৰ্মীক হত্যা কৰা হৈছে বুলি প্ৰকাশ পাইছে।
কঙ্গনা ৰানাউটে ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন দাবী কৰিছে।
লগতে পঢ়ক : চিৰ দিনলৈ বন্ধ কৰি দিয়া হ’ল অভিনেত্ৰী কঙ্গনা ৰানাউটৰ টুইটাৰ একাউণ্ট