নিউজ ডেস্ক : অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই আহত কৰা পশ্চিমবংগৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ নেতাই মৃত্যুক আঁকোৱালি লয়। মঙলবাৰে ৰাজ্যখনৰ এখন চৰকাৰী চিকিৎসালয়ত নেতাজনে শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে যোৱা দেওবাৰে জলপাইগুৰি জিলাৰ ৰাইগঞ্জ অঞ্চলত মটৰ চাইকেলত অহা দুৰ্বৃত্তই বলৰাম অঞ্চলৰ বুথ সভাপতি মহম্মদ ছুলেইমানৰ ওপৰত গুলীচালনা কৰিছিল।

আহত নেতাজনক প্ৰথমে ওচৰৰ এখন হস্পিটালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক পিছত শিলিগুৰিৰ নৰ্থ বেংগল মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে।

স্থানীয় বিধায়ক খৰ্গেশ্বৰ ৰয়ে জনোৱা মতে আৰক্ষী ঘটনাটোৰ তদন্ত চলাই আছে আৰু আৰক্ষীৰ তদন্তত নেতাজনক ৰাজনৈতিক কাৰণত হত্যা কৰা হ’ল নে ব্যৱসায়ীক কাৰণত হত্যা কৰা হ’ল সেয়া পোহৰলৈ আহিব।

লগতে পঢ়ক : দহ চকীয়া ট্ৰাক দলঙৰ ৰেলিং ভাঙি নদীত পৰিছিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply