মমতা বেনাৰ্জী

পশ্চিমবংগৰ ভৱানীপুৰ বিধানসভা সমষ্টিত জয়ী হৈ এইবাৰ বিধায়ক হ’ল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । যোৱা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দল জয়ী হৈছিল যদিও মমতা বেনাৰ্জী নন্দিগ্ৰামত পৰাস্ত হৈছিল বিজেপি প্ৰাৰ্থীৰ হাতত । এইবাৰ পূৰ্বৰ বিজয়ৰ সকলো অভিলেখ ভংগ কৰি জয়ী হয় তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকী ।

মমতাই ভবানীপুৰ উপ–নিৰ্বাচনৰ ভোটগণনাৰ আৰম্ভণিৰ পৰাই বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰেৱালক অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছিল আৰু শেষত মমতা বেনাৰ্জীয়ে অভিলেখ ব্যৱধানত জয়ী হয়। মমতা বেনাৰ্জীয়ে সমষ্টিটোত ৫৮৮৩২টা ভোটৰ ব্যৱধানত জয়ী হয়।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত তৃণমূল প্ৰাৰ্থী শোভনদেব চট্টোপাধ্যায়ে বিজেপি প্ৰাৰ্থী ৰুদ্ৰনীল ঘোষক ২৮,৭১৯টা ভোটত পৰাজিত কৰিছিল। কিন্তু এইবাৰ মমতাই ৫৮৮৩২টা ভোটৰ ব্যৱধানত জয়ী হৈ অভিলেখ গঢ়ে। মমতা বেনাৰ্জীয়ে উপ-নিৰ্বাচনত মুঠ ৮৪,৭০৯টা ভোট লাভ কৰে, বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰাৱালে ২৬,৩২০টা ভোট লাভ কৰে। আনহাতে, চিপিআইএমৰ প্ৰাৰ্থী শ্ৰীজীব বিশ্বাসে লাভ কৰে ৪২০১টা ভোট।

লগতে পঢ়ক-বিদেশীক সমৰ্থন কৰি খিলঞ্জীয়াক নস্যাৎ কৰাৰ অধিকাৰ নাই শ্বেৰমানৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply