পাঞ্জাবত অহা ১৬ মাৰ্চত আম আদমী পাৰ্টিৰ চৰকাৰে শপতগ্ৰহন কৰিব। শ্বহীদ ভগত সিঙৰ পৈত্ৰিক গাঁও খাটকাৰ কালানত আয়োজন কৰা হৈছে বিশাল শপতগ্ৰহন অনুষ্ঠানৰ। ৰাজ্যপালক ভগৱত মানে তেওক বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা বিষয়ে অবগত কৰে।দিনৰ ১২.৩০ বজাত হ’ব শপত গ্ৰহন অনুষ্ঠান।


এইবাৰৰ নিৰ্বাচনত লাভ কৰা অভুতপূৰ্ব সফলতাৰ পিছত পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ৰ’ব ভগৱত মানে।
নতুন পুৰণি বিধায়ক মিলি মুঠ ১৭ জন বিধায়কে শপতলোৱাৰ কথা। এইবাৰৰ নিৰ্বাচনত জয়লাভ কৰা মুঠ ৯২ জন বিধায়কৰ ৮২ জনেই নতুন বিধায়ক।


কালি দলৰ মুৰব্বী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লগ ধৰি শপতগ্ৰহনৰ দিনবাৰ ঠিক কৰে।
শপতগ্ৰহন অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি তেওলোকৰ আদৰ্শৰ সৈতে মিল থকা দল সমূহৰ নেতা সকলক নিমন্ত্ৰণ জনাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply