নিউজ ডেস্কঃ ট্ৰেড ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতা কৰি দুদিনৰ বাবে ভাৰত বন্ধ ঘোষণা কৰিছে। বেংক ইউনিয়নে ভাৰত বন্ধ আৰু ধৰ্ণাৰ ঘোষণা কৰিছে। বেংক ইউনিয়নে কয় যে- চৰকাৰী বেংকসমূহ ব্যক্তিগতকৰণ আৰু বেংকিং আইন অধিনিয়ম ২০২১ৰ বিৰুদ্ধে এই দুদিনীয়া ভাৰত বন্ধ আৰু ধৰ্ণাৰ সিদ্ধান্ত লৈছে।

ইফালে, ষ্টেট বেংক গ্ৰাহক সকলক অৱগত কৰিছে যে অহা ২৮ আৰু ২৯ মাৰ্চত বেংকিং সেৱাসমূহত এই বন্ধৰ প্ৰভাৱ পৰিব। দুদিনীয়া এই ভাৰত বন্ধ আৰু ধৰ্ণাক সমৰ্থন জনাইছে অল ইণ্ডিয়া বেংক এমপ্লয়িছ এছচিয়েশ্যনে।

কৰ্মচাৰী সংগঠনটোৱে লগতে কয় যে- কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰী বিৰোধী, কিষাণ বিৰোধী, জনতা বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী নীতিসমূহৰ বিৰুদ্ধে এই ধৰ্ণা কাৰ্যসূচী হাতত লোৱা হৈছে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ২০২১চনৰ বাজেটত দুটা চৰকাৰী বেংক ব্যক্তিগতকৰণ কৰাৰ কথা ঘোষণা কৰিছিল। আৰু তাৰপাছতে অহা ২৮ আৰু ২৯ মাৰ্চত এই ধৰ্ণা কাৰ্যসূচী হাতত লোৱা হৈছে। যাৰ ফলত বেংকৰ সেৱাসমূহত ব্যাপক প্ৰভাৱ পৰিব আৰু ভীষণ সমস্যাৰ সন্মুখীন হ’ব বেংকৰ গ্ৰাহকসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply