প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক- তিনি কৃষি আইনৰ বিৰোধিতাৰে দিল্লীৰ সীমান্তত প্ৰায় ৪মাহ ধৰি আন্দোলন অব্যাহত থকা কৃষক সংগঠনসমূহে শুকুৰবাৰে ভাৰত বন্ধৰ ঘোষণা কৰিছে।

সংযুক্ত কৃষাণ মৰ্চাই এই বন্ধৰ আহ্বান জনাইছে।

পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬বজালৈ সমগ্ৰ দেশ বন্ধৰ ঘোষণা কৰিছে ।

বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱা সমূহৰ বাহিৰে সকলো ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান, দেশজুৰি ৰে’লপথ তথা ৰে’ল চলাচল বন্ধ থাকিব। 

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ এই তিনি নতুন কৃষি আইনৰ বিৰোধিতাত কৃষক সংগঠন সমূহে সিংঘু, টিকৰী আৰু গাজীপুৰত বাহৰপাতি আন্দোলন সাব্যস্ত কৰি আছে।

পঞ্জাৱত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে কিয়নো তাৰ কৃষকসকলে সেই দিনটোত ৰে’ল অৱৰোধ কাৰ্যসূচীও ঘোষণা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply