নিউজ ডেস্কঃ এতিয়াৰে পৰা ইনজেকচনৰ সলনি নাকৰে ল’ব পাৰিব কৰোনাৰ প্ৰতিষেধক। কৰোনাৰ প্ৰতিষেধক ক’ভাক্সিন প্ৰস্তুত কৰা কোম্পানী ভাৰত বায়’টেকে ইয়াৰ পৰীক্ষণত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। এই প্ৰতিষেধকটোৰ বৈজ্ঞানিক নাম হৈছে বিবিভি১৫৪ ।
এই প্ৰতিষেধকৰ প্ৰথম পৰীক্ষণত কৰোনাৰ দুই পালিৰ প্ৰাথমিক ভেকছিনৰ বাবে চলি আছিল আৰু দ্বিতীয়টো বুষ্টাৰ পালি হিচাপে, যাক কোভিশ্বিল্ড আৰু কোভাক্সিন প্ৰয়োগ কৰা দুয়ো লোকক প্ৰদান কৰিব পাৰি। ইতিমধ্যে বায়’টেকে ইয়াৰ তৃতীয় পৰ্যায় আৰু বুষ্টাৰ ড’জৰ ট্ৰায়েল (পৰীক্ষণ) সম্পূৰ্ণ কৰিলে। এই তথ্য drug controller ওচৰত দাখিল কৰা হৈছে। এতিয়া drug controller বিশেষজ্ঞয়ে এই তথ্যবোৰ সমীক্ষা কৰিব।
৩১০০ জন লোকৰ ওপৰত কৰোনাৰ দুই পালিৰ Nasal Vaccine পৰীক্ষণ কৰা হৈছে। এই পৰীক্ষণবোৰ ভাৰতৰ ১৪ টা স্থানত কৰা হৈছে। হেটেৰোলোগাছ বুষ্টাৰ পালি পৰীক্ষণ ৮৭৫ জন লোকৰ ওপৰত কৰা হৈছিল আৰু ভাৰতৰ ৯ টা ঠাইত কৰা হৈছিল। দুয়োটা পৰীক্ষণতে,কাৰো একো সমস্যা হোৱা নাছিল। হেটেৰোলোগাছ বুষ্টাৰ পালি কোভাক্সিন আৰু কোভিশ্বিল্ড লোৱা লোকসকলেও ল’ব পাৰিব।
প্ৰাৰম্ভিক ফলাফল অনুসৰি, নাকেৰে দিয়া এই ভেকছিনে শ্বাসতন্ত্ৰ অৰ্থাৎ শ্বাসনলী আৰু হাঁওফাঁওত কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ এণ্টিবডী প্ৰস্তুত কৰিব পাৰে, যি সংক্ৰমণ হ্ৰাস কৰে। এই ভেকছিনটো ভাৰত বায়’টেকে ৱাশ্বিংটনৰ ছেইণ্ট লুইছ বিশ্ববিদ্যালয়ৰ সহযোগত প্ৰস্তুত কৰিছে।
ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে কোভিড সুৰক্ষা কাৰ্যসূচীৰ অধীনত এই ভেকছিনৰ বাবে আংশিক ভাৱে পুঁজি যোগান ধৰিছে। স্বাধীনতা দিৱসৰ দিনা ভাৰত বায়’টেকৰ যুটীয়া পৰিচালনা সঞ্চালক সুচিত্ৰা এলাই কয় যে নাকৰ জৰিয়তে প্ৰদান কৰা প্ৰথম কৰোনা ভেকছিনৰ বিকাশ এক অৰ্থনৈতিক পদক্ষেপ। এই ভেকছিনটো ২ডিগ্ৰীৰ পৰা 8 ডিগ্ৰী উষ্ণতাত সংৰক্ষণ কৰিব পাৰি। ইয়াক গুজৰাট, কৰ্ণাটক, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ প্লান্টত নিৰ্মাণ কৰা হ’ব।