নিউজ ডেস্কঃ দক্ষিণ ভাৰতৰ ছবি উদ্যোগৰ ফিল্মসমূহে বৰ্তমান সময়ত দেশৰ লগতে সমগ্ৰ বিশ্বতেই অভিলেখ গঢ়ি আছে। ভাৰতীয় ছবি দৰ্শকসকলেও দক্ষিণ ভাৰতৰ ছবিসমূহক আকোৱালি লৈছে আৰু ছবিসমূহৰ কাহিনীক খুব ভাল পাইছে বুলি জনাই দিছে। কিন্তু তাৰ মাজতে বলিউডৰ ছবিসমূহে বৰ বিশেষ ভাল উপাৰ্জন কৰিব পৰা নাই।
অৱশ্যে চলিত বৰ্ষত Bhool Bhulaiyaa 2 ছবিখনে কিছু ভাল উপাৰ্জন কৰিছে। ২০ মে’ত মুক্তি লাভ কৰে। যোৱা ৫টা মাহত বলিউডৰ ছবিসমূহে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিব পৰা নাই যদিও এই Bhool Bhulaiyaa 2 ছবিখনে কিন্তু তাৰ বিপৰীতে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।
মুক্তিৰ প্ৰথমটো দিনত Bhool Bhulaiyaa 2 ছবিখনে ১৬.৫০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। আৰু তাৰপাছত দ্বিতীয় দিনটোত প্ৰথম দিনতকৈ অধিক ধন উপাৰ্জন কৰে। অৰ্থাৎ মুক্তি লাভ কৰা দ্বিতীয়টো দিনত ছবিখনে ২১.১০ কোটি উপাৰ্জন কৰে।