নিউজ ডেস্ক : সোমবাৰে নিশা ভুপালৰ এখন চৰকাৰী চিকিৎসালয়ত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত চাৰিটি নৱজাত শিশুয়ে কৰুণ মৃত্যুক সাবটিব লগীয়া হয়।

ভুপালৰ কমলা নেহৰু শিশু হস্পিটালত সংঘটিত হয় উক্ত অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ লেলিহান শিখাই হস্পিটালখনৰ এটা স্পেচিয়েল নিউ বৰ্ণ কেয়াৰ ইউনিট (এছ এন চি ইউ) চাৰিওফালৰ পৰা আগুৰি ধৰাত তাত থকা চাৰিটি শিশু অগ্নিদগ্ধ হৈ মৃত্যু হয়।

ৰাজ্যখনৰ চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস ছাৰাঙে জনোৱা মতে চৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ শিশুসকলক কাষৰ ৱাৰ্ডলৈ লৈ আনে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

নিশা প্ৰায় ৯ বজাত হস্পিটালখনৰ তিনি নম্বৰ মহলাত থকা ৱাৰ্ডটোত উক্ত অগ্নিকাণ্ড সংঘটিত হয় বুলি ফাটেহগড় অগ্নি নিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া জুবেৰ খানে জানিবলৈ দিয়ে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে উক্ত ঘটনাৰ বাবে শোক প্ৰকাশ কৰি নিহত শিশুসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

এক টুইটত তেওঁ কয়, ‘অতি বেয়াকৈ অগ্নিদগ্ধ হোৱাৰ ফলত আমি তিনিজন শিশুক বচাব নোৱাৰিলো, ই যথেষ্ট বেদনাদায়ক। উদ্ধাৰ অভিযান ঠিক মতে হৈ যায় আৰু অগ্নিকাণ্ডক বৰ্তমান নিয়ন্ত্ৰণলৈ অনা হৈছে, কিন্তু পৰিতাপৰ কথা যে তিনিজন শিশুৰ জীৱন বচাব পৰা নগ’ল।’

তেওঁৰ টুইটৰ পিছতে আন এটি শিশুৰ মৃত্যু হয়।

আন এক টুইটৰ জৰিয়তে মুখ্য মন্ত্ৰী গৰাকীয়ে উক্ত ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰাৰ লগতে নিহতৰ পৰিয়াললৈ ৪ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱা হ’ব বুলি সদৰা কৰে।

লগতে পঢ়ক : উচ্ছেদৰ নামত চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন চলাই আহিছে : আমছু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply