নিউজ ডেস্ক: নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে বিপদত পৰিছে ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰি। মুম্বাইৰ এখন থানাত অগ্নিহোত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিবলৈ এজন লোকে এজাহাৰ দাখিল কৰিছে।

শনিবাৰে ভাৰ্ছোবা আৰক্ষী থানাৰ এগৰাকী বিষয়াই জনোৱা মতে সাংবাদিক তথা জনসংযোগ ব্যৱস্থাপক ৰোহিত পাণ্ডেয়ে তেওঁৰ অধিবক্তা আলী কাশ্বীফ খান দেশ্বমুখৰ হতুৱাই অগ্নিহোত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এজাহাৰখনত অভিযোগ কৰা মতে ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ পৰিচালক গৰাকীয়ে এক সাক্ষাৎকাৰত ‘ইচ্ছাকৃতভাৱে আৰু অসৎ উদ্দেশ্যৰে ভুপালীসকলক সমকামী বুলি কৈ’ পাণ্ডেৰ গৃহ ৰাজ্য ভুপালক অপমান কৰে বুলি আৰক্ষী বিষয়া গৰাকীয়ে কয়।

এজাহাৰখনত অগ্নিহোত্ৰিক দুটা গোটৰ মাজত শত্ৰুতা সৃষ্টিৰ বাবে ধাৰা ১৫৩ (এ) আৰু (বি), ২৯৫এ (Deliberate and malicious acts, intended to outrage religious feelings of any class by insulting its religion or religious beliefs), ২৯৮ (Uttering words, etc., with deliberate intent to wound the religious feelings), ৫০০ (মানহানিৰ দণ্ড), ৫০৫-II (Statements creating or promoting enmity, hatred or ill will between classes) অধীনত গোচৰ ৰুজু কৰিবলৈ আৱেদন কৰা হৈছে।

উল্লেখযোগ্য যে এটা চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ উদ্দেশ্যে অগ্নিহোত্ৰীয়ে ভুপাল ভ্ৰমণ কৰাৰ আগে আগে ভাইৰেল হৈ ভিডিঅ’ ক্লিপত এটা অনলাইন চেনেলক দিয়া এক সাক্ষাৎকাৰত তেওঁক এইদৰে কোৱা শুনা যায়।

প্ৰায় ৩ সপ্তাহ পুৰণি বুলি জানিব পৰা ভিডিঅ’ ক্লিপটোত অগ্নিহোত্ৰীয়ে কয়, ‘মই ভুপালত ডাঙৰ হৈছো কিন্তু মই ভুপালী নহয়। ভুপালীৰ এটা অন্য অৰ্থ আছে, আপুনি যিকোনো ভুপোলী লোকক সুধিব চাব পাৰে। যদি কোনোবাই কয় যে তেওঁ ভুপালী তাৰ অৰ্থ হৈছে যে সমকামী’

অগ্নিহোত্ৰীৰ উক্ত মন্তব্যৰ পিছতে ভুপালত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়ক – চেঞ্চুৰী কোবালে পেট্ৰ’লৰ মূল্যই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply