নিউজ ডেস্ক : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক চুবুৰীয়া দেশ ভূটানে দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰিছে।
শুকুৰবাৰে ভূটানৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ প্ৰধান মন্ত্ৰী লোটে শ্বেৰিঙে নৰেন্দ্ৰ মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘নগাদাগ পেল গি খোৰলো’ প্ৰদান কৰে।
সামাজিক মাধ্যমত দিয়া এক প’ষ্টত প্ৰধান মন্ত্ৰী লোটে শ্বেৰিঙে ভূটানৰ ৰজাই দেশখনৰ সৰ্বোচ্চ সন্মান ‘নগাদাগ পেল গি খোৰলো’ৰ বাবে নৰেন্দ্ৰ মোদীৰ নাম উচ্চাৰণ কৰাত তেওঁ যথেষ্ট আনন্দিত হৈছে বুলি কয়।
উল্লেখযোগ্য যে বিগত বৰ্ষ কেইটাত ভাৰতে ভূটানৰ সৈতে জল-বিদ্যুৎ, ব্যৱসায়-বাণিজ্য তথা যাতায়ত ব্যৱস্থা গঢ়ি তোলাত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে
বিশেষকৈ ক’ভিড মহামাৰীৰ সময়ত ভাৰতে দেশখনক আগবঢ়োৱা বাবে দেশখনৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে চলিত বৰ্ষত প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিছিল। ভূটানে ভাৰতৰ পৰা ক’ভিশ্বিল্ড ৪০০,০০০ টা অতিৰিক্ত পালি লাভ কৰিছিল।
লগতে পঢ়ক :