নিউজ ডেস্কঃ হিমাচলপ্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। ৰাজ্যখনৰ উনা এলেকাত এটা ফটকা ফেক্টৰীত সংঘটিত হৈছে এই বিস্ফোৰণ। জানিব পৰা মতে, এই বিস্ফোৰণত ৬জন লোকে হেৰুৱাইছে প্ৰাণ। তাৰ উপৰিও ১৫জন লোক গুৰুতৰভাৱে আহত হৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বিস্ফোৰণৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। বৰ্তমানেও স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। ইফালে, স্থানীয় ৰাইজে জনাই যে, এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে, বিস্ফোৰণৰ ফলত সমীপৰ আন ফেক্টৰীৰো গ্লাছ ভাঙি যায়।
প্ৰাপ্ত খবৰ অনুসৰি, এই বিস্ফোৰণত নিহত আটাইকেইগৰাকীয়ে মহিলা। এই আটাইকেইজন লোকে উক্ত ফেক্টৰীটোৰে কৰ্মচাৰী। আনহাতে, আহত লোকসকলক স্থানীয় চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে।