নিউজ ডেস্ক : বিহাৰত ভয়াবহ দুর্ঘটনাত মৃত্যু ৯ জনকৈ লোকৰ। বিহাৰৰ ৰাজধানী পটনাৰ দানাপুৰত সংঘটিত হৈছে এই দুর্ঘটনা। এখন যাত্ৰীবাহী বাহন গংগা নদীত বাগৰি পৰাত মৃত্যু ঘটে ৯ জনকৈ লোকৰ। স্থানীয় প্ৰসাদনে নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে ৯ জন লোকৰ মৃতদেহ।
দেশজুৰি কভিডৰ সংহাৰী ৰূপ অব্যাহত থাকৰ মাজতে শুকুৰবাৰে বিহাৰৰ ৰাজধানী পটনাত এক ভয়াবহ দুর্ঘটনা সংঘটিত হয়। যাত্ৰীলৈ গৈ থকা এখন বাহন দানাপুৰত গংগা নদীত বাগৰি পৰে। বাহনখন নদীত বাগৰি পৰাত বাহনখনৰ যাত্ৰী সকল নদীৰ বুকুত ককবকালবলৈ ধৰে আৰু ইয়াৰ কেইবাগৰাকী যাত্ৰী নিখোজ হৈ পৰে।
দুৰ্ঘটনাৰ খবৰ পাই স্থানীয় প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈ নিখোৰ হৈ পৰা যাত্ৰী সকলৰ সন্ধান চলায়। প্ৰশাসনে বহু লোকক জীৱন্তে নদীৰ পৰা উদ্ধাৰ কৰাৰ লগতে ৯ জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰে। জানিব পৰা মতে বাহনখনত ১৫ জনকৈ যাত্ৰী আছিল।
জানিব পৰা মতে বাহনখনৰ যাত্ৰীসকল এক বিবাহৰ এক বিশেষ পৰম্পৰা অনুষ্ঠিত অংশগ্ৰহণ কৰিবলৈ অকিলপুৰলৈ গৈছিল। অনুষ্ঠান সমাপ্ত কৰি উভতি অহা সময়ত দলঙৰ ৰেলিং ভাঙি বাহনখন নদীত বাগৰি পৰে।