নিউজ ডেস্কঃ সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে ৭৬ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ দিনটোতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গান্ধী ময়দানৰ পৰা কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা। 

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিহাৰৰ ১০ লাখ নিবনুৱাক  চাকৰি প্ৰদান কৰাৰ ঘোষণা কৰিছে। লগতে তেওঁ কয় যে- আন ২০ লাখ নিবনুৱাকো কৰ্মসংস্থাপন দিয়া হ’ব। 

নীতিশ কুমাৰে স্বাধীনতা দিৱসৰ দিনটোত কয়- আমি বিচাৰো যাতে বিহাৰৰ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰক। ইফালে, উপ মুখ্য়মন্ত্ৰী তেজস্বী যাদৱে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই ঘোষণাক ঐতিহাসিক ঘোষণা বুলি কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply