বিশেষ প্ৰতিবেদন – বিলকিছ বানু। সকলোৰে বাবে সম্ভৱতঃ পৰিচিত নাম নহয়। এগৰাকী ধৰ্ষিতা, ধৰ্ষিতা বুলি কোৱাতকৈ গণধৰ্ষণৰ বলি হোৱা এগৰাকী দুৰ্ভগীয়া, পীড়িতা বুলিয়েই কম। গোধৰা কাণ্ডৰ বিষয়ে পুনৰাই কোৱাৰ প্ৰয়োজন নাই। ২০০২ চনত গুজৰাটত হোৱা ভয়ংকৰ নৰসংহাৰ সেই গোধৰা কাণ্ডৰ সময়তে ধৰ্ষণৰ বলি হোৱা এই মহিলাগৰাকীয়েই হৈছে বিলকিছ বানু।

বিলকিছ বানু (LiveLaw ৰ সৌজন্যত)

১৯ বয়ছৰীয়া বানু সেইসময়ত ৫ মাহৰ গৰ্ভৱতী অৱস্থাত। সময়ৰ জোখেৰে ২০ টা বছৰ অতিক্ৰমী গ’ল৷ ক্ৰমাৎ দেশবাসীৰ বাবে পাহৰণিৰ গৰ্ভত পৰিছিল সেই কৰুণ কাহিনী। পিছে কালিৰ পৰা সেই ভয়ংকৰ ঘটনাৰ স্মৃতিয়ে পুনৰ আমনি কৰিছে দেশবাসীক। কাৰণ ২০০২ চনত গৰ্ভৱতী অৱস্থাত থকা বিলকিছ বানুক ধৰ্ষণ কৰা ১১ গৰাকী অভিযুক্তই কালি মুক্তি লাভ কৰিলে। দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত মুক্তি লাভ কৰিলে যাৱজ্জীৱন কাৰাবাস খাটি থকা ১১ ধৰ্ষণকাৰীয়ে৷

স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘‘আজাদী কা অমৃত মহোৎসৱ’’ৰ অংশ হিচাপে দেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল৷ সেইসকল কয়দীৰ মাজতে স্থান লাভ কৰিলে বিলকিছ বানুৰ ধৰ্ষণকাৰী এই ১১ গৰাকী কাৰাবন্দীয়ে৷ ২০০৮ চনৰ ২১ জানুৱাৰীত কেন্দ্ৰীয় অনুসন্ধানকাৰী আয়োগৰ মুম্বাইৰ এখন বিশেষ আদালতে বিলকিছ বানুৰ দলবদ্ধ ধৰ্ষণ আৰু তেওঁৰ পৰিয়ালৰ সাতজন সদস্যক হত্যাৰ অভিযোগত এঘাৰজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । পৰৱৰ্তী সময়ত তেওঁলোকৰ দোষী সাব্যস্ত হোৱা বুলি বোম্বে উচ্চ ন্যায়ালয়ে সমৰ্থনো কৰে।

কালি গুজৰাটৰ কাৰাগাৰৰ পৰা অকাল মুক্তিৰ অনুমতি লাভ কৰা এই ১১ জন দোষী হৈছে যশৱন্তভাই নাই, গোবিন্দভাই নাই, শৈলেশ ভাট্ট, ৰাধেশাম শ্বাহ, বিপিন চন্দ্ৰ যোশী, কেশৰভাই ভোহানিয়া, প্ৰদীপ মৰ্ধিয়া, বকাভাই ভোহানিয়া, ৰাজুভাই ছোনী, মিতেশ ভাট্ট আৰু ৰমেশ চন্দনা।

কাৰাগাৰৰ পৰা মুক্তি লাভ কৰা দোষীকেইগৰাকী

আহমেদাবাদত বিলকিছ বানুৰ পৰিয়ালক এদল উন্মত্ত জনতাই আক্ৰমণ কৰিছিল। এই আক্ৰমণত বানুৰ পৰিয়ালৰ সাতজনকৈ সদস্য নিহত হৈছিল। সেই সময়তে পাঁচ মাহৰ গৰ্ভৱতী ১৯ বছৰীয়া বিলকিছক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। অৱশ্যে তেওঁৰ পৰিয়ালৰ আন ছয়জন সদস্য পলাই যাবলৈ সক্ষম হৈছিল। এতিয়া এই সমগ্ৰ ঘটনালানি আৰু ২০২২ চনৰ ১৫ আগষ্টলৈ ন্যায়িক পৰিক্ৰমাৰ বিষয়ে সময়ৰ জোখাৰে জানো আহক –

২০০২-২০০৩: উপযুক্ত প্ৰমাণৰ অভাৱৰ দোহাই দি স্থানীয় আৰক্ষী বিষয়াসকলে বাৰম্বাৰ বানুৰ গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰে, আৰু বিষয়টো অনুসৰণ কৰিলে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি দিয়ে। ইয়াৰ পিছতে বিলকিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপে আৰু ২০০৩ চনৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। উচ্চতম ন্যায়ালয়ে তেতিয়াই তাৎক্ষণিকভাৱে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ’ বা চিবিআইক গোচৰটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

জানুৱাৰী ২০০৪: বিলকিছৰ অভিযোগত চিনাক্ত কৰা প্ৰতিজন সন্দেহযুক্তৰ বিৰুদ্ধে সকলো উপলব্ধ তথ্য প্ৰমাণ সংগ্ৰহ কৰাৰ পিছত, চিবিআইয়ে এই আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰে।

আগষ্ট ২০০৪: বিলকিছে সাক্ষীসকলৰ প্ৰমাণ টেম্পাৰিং আৰু সাক্ষীসকলক আক্ৰমণ বা আহত কৰাৰ সম্ভাৱনাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ে সমগ্ৰ বিষয়টো আহমেদাবাদৰ পৰা বোম্বাইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়।

জানুৱাৰী ২০০৮: বিলকিছক ধৰ্ষণ, চপৰিয়ালক হত্যা-আক্ৰমণ আৰু ষড়যন্ত্ৰত অংশগ্ৰহণ কৰা ১৩ জন লোকক আদালতে দোষী সাব্যস্ত কৰে আৰু ইয়াৰে ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহে। অভিযুক্তসকলে পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল আৰু এই ৰায় স্থগিত ৰখাৰ আহ্বান জনাইছিল।

জুলাই ২০১১: চিবিআইয়ে বোম্বে উচ্চ ন্যায়ালয়ত এই দোষীকেইজনক ফাঁচী দিবলৈ আহ্বানেৰে এখন আবেদন দাখিল কৰে।

১৫ জুলাই, ২০১৬: ২০০২ চনৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত অপৰাধত অভিযুক্ত ১১ জন লোকে দাখিল কৰা আপীলৰ শুনানি গ্ৰহণ কৰে বোম্বে উচ্চ ন্যায়ালয়ে।

ছেপ্টেম্বৰ ২০১৬: দোষী পক্ষৰ অধিবক্তাই গোচৰটোৰ কেইবাজনো সাক্ষীক পুনৰ পৰীক্ষা কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু বোম্বে উচ্চ ন্যায়ালয়ে এই অনুৰোধ খাৰিজ কৰে।

অক্টোবৰ ২০১৬: বোম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ৰায় দিয়ে যে আবেদনখন ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ অধীনত অনুমতি দিব নোৱাৰি, কিন্তু আদালতে উল্লেখ কৰাৰ দৰে যে বিলকিছে তেওঁৰ আবেদনক আপীললৈ ৰূপান্তৰ কৰিব পাৰে।

ডিচেম্বৰ ২০১৬: বোম্বে উচ্চ ন্যায়ালয়ে আজীৱন কাৰাদণ্ড প্ৰদান কৰা ১১ জন বন্দীৰ দ্বাৰা দাখিল কৰা আপীলৰ ওপৰত ৰায় বাহাল ৰাখে। ইয়াৰ উপৰিও, উচ্চ ন্যায়ালয়ে ইয়াক এক অতি বিৰল পৰিস্থিতি হিচাপে বৰ্ণনা কৰি চিবিআইৰ আবেদনৰ ওপৰতো নিজৰ ৰায় Reserve ৰাখে।

মে’ ২০১৭: বোম্বে উচ্চ ন্যায়ালয়ে ১১ জন দোষীৰ আজীৱন কাৰাদণ্ডৰ আদেশ বাহাল ৰাখে।

১৫ মে, ২০২২: ইতিমধ্যে ১৫ বছৰতকৈও অধিক কাৰাবাস খাটি থকা এই বন্দীসকলৰ মাজৰ এজনে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ সোনকালে মুক্তিৰ বাবে অনুৰোধ জনায়।

১৫ আগষ্ট, ২০২২: গুজৰাট চৰকাৰৰ ৰেহাই নীতি বা remission policy ৰ অধীনত গোধৰা উপ-কাৰাগাৰৰ পৰা ওলাই আহে এই আটাইকেইজন দোষী।

পেনেলৰ মুৰব্বী পঞ্চমহলৰ কালেক্টৰ সুজল মায়াত্ৰাই কয় যে, উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক তেওঁৰ শাস্তি ক্ষমা কৰাৰ বিষয়টো চাবলৈ নিৰ্দেশ দিছিল আৰু তাৰ পিছত চৰকাৰে এখন কমিটী গঠন কৰিছিল ।মায়াত্ৰাই কয়, ‘‘কিছু মাহ পূৰ্বে গঠন কৰা এখন কমিটীয়ে এই গোচৰৰ ১১ জন দোষীক ৰেহাই দিয়াৰ সপক্ষে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছিল । এই পৰামৰ্শ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু কালি আমি তেওঁলোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ লাভ কৰিছিলো’’।

ইয়াৰে এজন ৰাধেশ্যাম শ্বাহেই ফৌজদাৰী বিধিৰ ৪৩২ আৰু ৪৩৩ ধাৰা অনুসৰি শাস্তিৰ ক্ষমা বিচাৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁৰ ৰেহাইৰ বিষয়ে সিদ্ধান্ত গুজৰাটে নহয় মহাৰাষ্ট্ৰইহে ল’ব পাৰিব বুলি ব্যক্ত কৰি তেতিয়া গুজৰাট উচ্চ ন্যায়ালয়ে সেই আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছতে শ্বাহে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি ২০২২ চনৰ ১ এপ্ৰিললৈকে ১৫ বছৰ ৪ মাহ ধৰি ৰেহাই নোহোৱাকৈ কাৰাগাৰত আছে বুলি আবেদন জনাইছিল। চলিত বৰ্ষৰ ১৩ মে’ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া আদেশত উল্লেখ কৰিছে যে, যিহেতু গুজৰাটত এই অপৰাধ সংঘটিত হৈছে, গতিকে ৰাধেশ্যাম শ্বাহৰ আবেদন পৰীক্ষা কৰিবলৈ গুজৰাট চৰকাৰেই উপযুক্ত।

ইয়াৰ পিছতে আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন কাৰাগাৰৰ পৰা কাৰাবন্দী মুকলি কৰি দিয়া নীতিৰ আধাৰত এতিয়া কাৰাগাৰৰ বাহিৰত বিলকিছ বানুৰ ধৰ্ষণৰ অভিযোগত দোষী, পৰিয়ালৰ হত্যাৰ অভিযোগত দোষী এই ১১ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply