সুদীৰ্ঘ ২৭টা বছৰ একেলগে পাৰ কৰাৰ পাছত বৈবাহিক সম্পৰ্ক অন্ত পেলোৱাৰ কথা ঘোষণা কৰিছে বিশ্বৰ শীৰ্ষ ধনাঢ্য ব্যক্তিসকলৰ অন্যতম তথা গে’টছ ফাউণ্ডেশ্যনৰ গৰাকী বিল আৰু মেলিণ্ডা গে’টছে।
সোমবাৰে দিয়া টুইটত গে’টছ দম্পতীয়ে কয়, ‘আমাৰ সম্পৰ্কক লৈ বহু চিন্তা-চৰ্চা কৰি আমি আমাৰ বৈবাহিক জীৱন অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছো।‘
‘আমি নেভাবো যে আমাৰ যুগ্ম জীৱন আৰু আগবঢ়াই নিব পাৰিম‘ তেওঁলোকে কয়।
বিল গে’টছ মেলিণ্ডাৰ প্ৰথম চিনাকি হৈছিল ১৯৮০ চনত, মেলিণ্ডা এন ফ্ৰেন্সে বিল গে’টছৰ মাইক্ৰ’ছফ্ট কৰ্পোৰেশ্যনত এগৰাকী প্ৰডাক্ট মেনেজাৰ হিচাপে যোগদান কৰিছিল।
পিছৰ দিনবিলাকত দুয়ো ঘনিষ্ঠ হৈ পৰে আৰু ১৯৯৪ চনত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ তিনিগৰাকী সন্তান আছে।
ফ’ৰ্বছৰ তালিকা মতে, বিল গে’টছ বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি। তেওঁৰ মূঠ সম্পত্তিৰ পৰিমাণ ১৩০.৫ বিলিয়ন মাৰ্কিন ডলাৰ।
ব্লুমবাৰ্গ বিলিয়নাৰ্চ ইণ্ডেক্সৰ মতে গে’টছ দম্পতীৰ সম্পত্তিৰ পৰিমাণ ১৪৬ বিলিয়ন মাৰ্কিন ডলাৰ। এই বৃহৎ সম্পত্তি সন্দৰ্ভত তেওঁলোকে কি সিদ্ধান্ত ল’ব তাক লৈ কোনো মন্তব্য কৰা নাই।
গে’টছ ফাউণ্ডেশ্যন
- ২০০০ চনত বিল আৰু মেলিনা গে’টছে বিল এণ্ড মেলিনা গে’টছ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে।
- বিশ্বৰ আটাইতকৈ বৃহৎ ব্যক্তিগত ফাউণ্ডেশ্যন, গে’টছ ফাউণ্ডেশ্যনে মূলত স্বাস্থ্য, শিক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰে।
- ক’ভিড-১৯ মহামাৰীৰ সময়ত ফাউণ্ডেশ্যনটোৱে ভেকচিন আৰু ইয়াৰ গৱেষনাৰ বাবে ১.৭৫ বিলিয়ন মাৰ্কিন ডলাৰ আৰ্থিক অনুদান আগবঢ়ায়।
- ২০১৯ চনত গে’টছ ফাউণ্ডেশ্যনৰ মূঠ সম্পত্তিৰ পৰিমাণ ৪৩ বিলিয়ন মাৰ্কিম ডলাৰতকৈ অধিক আছিল।
বৰ্তমান বিল গে’টছৰ বয়স ৬৫ বছৰ আৰু মেলিনাৰ বয়স ৫৬ বছৰ।