নিউজ ডেস্কঃ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰৰ এজন হৈছে মুকেশ আম্বানী। তেওঁ ৰিলায়েন্স জিঅ’ৰ নিৰ্দেশক কমিটীৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।

মাৰ্কেট ৰেগুলেটৰী ছেবী অৰ্থাৎ ছিকিউৰিটীছ এণ্ড একছেঞ্জ বৰ্ড অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি, মুকেশ আম্বানীয়ে ২৭ জুনৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ পুত্ৰ আকাশ আম্বানীক ব’ৰ্ডৰ শ্বেয়াৰমেন পদৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, সোমবাৰে কোম্পানীটোৰ নিৰ্দেশক কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে আকাশ আম্বানীক কোম্পানীটোৰ শ্বেয়াৰমেন হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু তাৰ পূৰ্বে মুকেশ আম্বানীয়ে ৰিলায়েন্স জিঅ’ৰ শ্বেয়াৰমেন পদৰ পৰা পদত্যাগ কৰে।

ইফালে, পংকজ মোহন পাৱাৰে আগন্তুক ৫ বছৰৰ বাবে কোম্পানীটোৰ মেনেজিং ডায়ৰেক্টৰ হিচাপে দায়িত্ব পালন কৰিব। আনহাতে, ৰমিন্দৰ সিং গুজৰাল আৰু কে ভি চৌধুৰীক নিৰ্দেশক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply