নিউজ ডেস্ক: এলন মাস্ক মানেই যেন বিতৰ্ক। বিতৰ্কৰ কোনো অন্ত নথকা এইজন পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি পুনৰ এবাৰ আন এক বিশেষ কাৰণত চৰ্চালৈ আহিছে। গুগলৰ সহ-প্ৰতিষ্ঠাপক ছেৰ্গেই ব্ৰিনৰ পত্নী নিকোল শানাহান (Nicole Shanahan)-ৰ সৈতে সম্পৰ্ক আছে মাস্কৰ!

সংবাদ মাধ্যমত ওলোৱা খবৰ মতে ছেৰ্গেই ব্ৰিনে সম্প্ৰতি এলন মাস্কৰ বিভিন্ন কোম্পানিত থকা তেওঁৰ ব্যক্তিগত শ্বেয়াৰ বিক্ৰী কৰাৰ নিৰ্দেশ দিছে। মাস্কৰ সৈতে তেওঁৰ পত্নীৰ সম্পৰ্ক থকাৰ বাবেই ব্ৰিনে এই সিদ্ধান্ত লোৱা বুলিও গুজব ওলাইছে।

Nicole Shanahan

অৱশ্যে মাস্কে এই কথা অস্বীকাৰ কৰিছে। উক্ত দাবী সম্পূৰ্ণৰূপে খাৰিজ কৰি যোৱা ২৫ জুলাইত দিয়া এক টুইটত তেওঁ কয়, “ছেৰ্গেই মোৰ বন্ধু আৰু কালি নিশা আমি একেলগে এটা পাৰ্টিত আছিলো! মই নিকোলক তিনি বছৰত মাত্ৰ দুবাৰহে, তাকো আন বহু মানুহৰ লগত, লগ পাইছো। Nothing romantic,”।

কিন্তু মাস্কৰ ক্ষেত্ৰত নাৰীজনিত বিতৰ্ক এইটোৱে প্ৰথম নহয়। বিগত সময়ছোৱাত তাৰকা চেলিব্ৰেটিৰ পৰা আৰম্ভ কৰি প্ৰভাৱশালী বহু মহিলাৰ সৈতে মাস্কৰ নাম সাঙুৰ খাইছে। নিকোলৰ উপৰি ৯ টা সন্তানৰ পিতৃ এলেন মাস্কৰ নাম এতিয়ালৈকে কোন কোন মহিলাৰ সৈতে সাঙুৰ খাইছে?

এম্বাৰ হাৰ্ড

Amber Heard

গুগলৰ সহ-প্ৰতিষ্ঠাপক ছেৰ্গেই ব্ৰিনৰ পত্নী নিকোল শানাহানৰ উপৰি অভিনেত্ৰী এম্বাৰ হাৰ্ডৰ (Amber Heard) লগতো মাস্কৰ সম্পৰ্ক থকাৰ গুজব ওলাইছিল। অভিনেতা জনি ডেপ (Jhonny Depp)ৰ সৈতে হাৰ্ডৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছতে দুয়োৰে মাজত সম্পৰ্ক স্থাপন হৈছিল বুলি চৰ্চা চলিছিল।

গ্ৰাইমছ

Musk আৰু Grimes

২০১৮ চনত কানাডাৰ গীতিকাৰ ক্লে’ৰ এলিছ বোচাৰ (Claire Elis Boucher) ওৰফে গ্ৰাইমছ (Grimes)-ৰ সৈতে মাস্কে ডেটিং কৰা আৰম্ভ কৰিছিল। তেওঁলোকৰ দুয়োৰে দুটি সন্তান আছে, পুত্ৰ X AE A-XII Musk আৰু কন্যা Exa Dark Sideræl Musk।

নাটাশা বেছেট

Natasha Basset

২০২১ চনত গ্ৰাইমছৰ সৈতে ব্ৰেকআপৰ পিছত মাস্ক অষ্ট্ৰেলিয়াৰ অভিনেত্ৰী নাটাশা বেছেট (Natasha Basset)-ৰ সৈতে সম্পৰ্কত আহে বুলি চৰ্চা হৈছিল।

শ্বিভন জিলিছ

Shivon Zilis

চলিত মাহৰ আৰম্ভণিত এক খবৰ ওলাইছিল যে এলন মাস্কৰ Neuralink কোম্পানিত কৰ্তব্যৰত শ্বিভন জিলিছ (Shivon Zilis)-এ ২০২১ চনৰ নৱেম্বৰত গোপনে এহাল যঁজা সন্তান প্ৰসৱ কৰিছিল। মাস্ক উক্ত শিশু দুটিৰ পিতৃ বুলি সন্দেহ কৰা হৈছিল, অৱশ্যে মাস্কে এই সন্দৰ্ভত কোনো স্পষ্টিকৰণ দিয়া নাই।

টালুলাহ ৰিলে’

Musk আৰু Talulah Riley

মাস্কৰ প্ৰথম গৰাকী পত্নীৰ সৈতে বিবাহ বিচ্ছেদ ঘটাৰ পিছত তেওঁ অভিনেত্ৰী টালুলাহ ৰিলে’ (Talulah Riley)ৰ সৈতে সম্পৰ্কত আহে। দুয়ো ২০১০ চনত বিবাহপাশত আৱদ্ধ হয় যদিও ২০১৬ চনত ৰিলে’য়ে মাস্কৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে।

জাষ্টিন মাস্ক

Musk আৰু Justin Musk

জাষ্টিন মাস্ক (Justin Musk) এলন মাস্কৰ প্ৰথম পত্নী। ২০০০ চনত দুয়ো বিবাহত বহিছিল। ২০০২ চনত তেওঁলোকৰ প্ৰথমটো সন্তানৰ মৃত্যু হৈছিল, অৱশ্যে ২০০৪ চনত তেওঁলোকৰ জীৱনলৈ এহাল যমজ সন্তান অহাৰ লগতে ২০০৬ চনত দুয়োৰে একেলগে তিনিটা সন্তান জন্ম হয়।

লগতে পঢ়ক – How To: জানক কিদৰে সহজে আপোনাৰ Aadhaarৰ বৈধতা পৰীক্ষা কৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply