নিউজ ডেস্কঃ প্ৰয়াত চিডিএছ বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ অন্যতম পদ্ম বিভূষণ প্ৰদান কৰা হ’ব। অহা ২১ মাৰ্চ অৰ্থাৎ সোমবাৰে দেশৰ প্ৰথম গৰাকী চিডিএছ ৰাৱাটৰ দুগৰাকী কন্যা ক্ৰমে- কৃতীকা আৰু তাৰিণীয়ে এই সন্মান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিব।

যোৱা ২৬ জানুৱাৰীত দেশৰ ১২৮ গৰাকী ঘোষণা কৰা হৈছিল পদ্ম সন্মান। ইয়াৰ ভিতৰত আছে ৪ গৰাকী পদ্ম বিভূষণ, ১৭ গৰাকী পদ্ম ভূষণ আৰু ১০৭ গৰাকী লোকলৈ পদ্মশ্ৰী সন্মান।

উল্লেখযোগ্য যে, যোৱা বছৰ অৰ্থাৎ ২০২১চনৰ ডিচেম্বৰ মাহৰ ৮ তাৰিখে তামিলনাডুত এক হেলিকপ্টাৰ দুৰ্ঘটনাত চিডিএছ বিপিন ৰাৱাটৰ মৃত্যু হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply