নিউজ ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি বীৰভূম জিলাৰ বোগটুই গাঁৱত উপস্থিত হয়। তেওঁ কয় যে- ‘অজুহাত নহয়, যিসকল দোষী সিঁহতক গ্ৰেপ্তাৰ কৰাটো বিচাৰো।’ উল্লেখ্য যে, মঙলবাৰে বোগটুই গাঁৱত কেইবাটাও বাসগৃহত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই। এই অগ্নিকাণ্ডত ৮জনকৈ লোকে প্ৰাণ হেৰুৱাই।
মমতা বেনাৰ্জীয়ে লগতে কয়- ‘কেতিয়াও ভবা নাছিলো যে আধুনিক পশ্চিমবংগত এনে বৰ্বৰ কাণ্ড সংঘটিত হ’ব। মাতৃ-কন্যাৰ মৃত্যু হৈছে। এয়া এক ডাঙৰ ষড়যন্ত্ৰ। সম্পূৰ্ণ ঘটনাৰ তদন্ত কৰা হ’ব।’ ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসমূহৰ মেৰামতিৰ বাবে ১ লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰে। লগতে পীড়িত পৰিয়ালৰ লোকক চৰকাৰী দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে তেওঁ।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়- ‘আমাৰ চৰকাৰৰ বদনাম কৰাৰ বাবে বিজেপি, বাওঁপন্থী আৰু কংগ্ৰেছে চেষ্টা চলাইছে… বীৰভূম ঘটনাৰে জড়িত প্ৰতিজন দোষীয়ে শাস্তি পাব।’