নিউজ ডেস্কঃ প্ৰসিদ্ধ কথক নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান। ৮৩বছৰীয়া বিৰজু মহাৰাজে সোমবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰে।
ভাৰতৰ প্ৰখ্যাত কথক নৃত্যশিল্পীগৰাকী দেওবাৰে দিল্লীস্থ তেওঁৰ বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈছিল।
দেওবাৰে নিশা তেওঁৰ নাতিৰ সৈতে খেলি থকা অৱস্থাতে স্বাস্থ্যৰ অৱনতি ঘটিছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷
লগতে পঢ়কঃহাতত জাতীয় পতাকা লৈ পদব্ৰজে যাত্ৰা এজন যুৱকৰ
বিৰজু মহাৰাজৰ নাতিনী ৰাগিণী মহাৰাজে কয়, তেওঁ যোৱা এমাহ ধৰি চিকিৎসাধীন আছিল। যোৱা নিশা প্ৰায় ১২:১৫-১২:৩০ বজাত তেওঁৰ হঠাতে শ্বাসকষ্ট হৈছিল, আমি তেওঁক ১০ মিনিটৰ ভিতৰত চিকিৎসালয়লৈ লৈ আহিছিলোঁ, কিন্তু তেওঁৰ মৃত্যু হৈছিল৷
কথক নৃত্যৰ লগতে শাস্ত্ৰীয় সংগীততো আছিল তেওঁৰ এক বিশেষ স্থান। কেইবাখনো ছবিতো নৃত্য পৰিচালনাও কৰিছিল বিৰজু মহাৰাজে।