নিউজ ডেস্ক : বলিউডৰ অভিনেত্ৰী কঙ্গনা ৰানাউটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে বিজেপিৰ এগৰাকী নেতাই।
অভিনেত্ৰী গৰাকীয়ে ১৯৪৭ চনত ভাৰতে লাভ কৰা স্বাধীনতা ‘ভিক্ষাত’ পোৱা বুলি কৰা মন্তব্যৰ বাবে তেওঁৰ ওপৰত ব্যৱস্থা ল’বলৈ দিল্লী বিজেপিৰ মুখপাত্ৰ প্ৰবীন শংকৰ কাপুৰে দাবী তলিছে।
উল্লেখযোগ্য যে শেহতীয়াকৈ সামাজিক মাধ্যমসমূহত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত কঙ্গনা ৰানাউটে ভাৰতে ২০১৪ চনতহে, অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ অহাৰ পিছত, স্বাধীনতা লাভ কৰা বুলি মন্তব্য কৰি কয়, ‘সেয়া স্বাধীনতা নাছিল বৰঞ্চ ভিক্ষা হে আছিল, স্বাধীনতা ২০১৪ চনতহে আহিছে।’
বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে অভিনেত্ৰী গৰাকীৰ এনে মন্তব্য আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামী সকলকৰ প্ৰতি অপমান বুলি উল্লেখ কৰি কয় যে তেওঁ বাক স্বাধীনতাৰ চূড়ান্ত অপব্যৱহাৰ কৰিছে।
দেশৰ ন্যায় ব্যৱস্থাই ৰানাউটৰ এই মন্তব্যৰ বিচাৰ কৰি ইয়াৰ বিৰুদ্ধে এক উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰবীন শংকৰ কাপুৰে আশা প্ৰকাশ কৰে।
আনহাতে ইয়াৰ পূৰ্বে বিজেপিৰ সাংসদ বৰুন গান্ধীয়েও এক টুইট যোগে উক্ত মন্তব্যৰ বাবে অভিনেত্ৰী গৰাকীক কঠোৰ সমালোচনা কৰিছিল।
লগতে পঢ়ক : প্ৰতিষেধক নোলোৱা লোকক চৰকাৰী সুবিধা নিদিয়াৰ জাননী