পুনৰ তৃণমূল কংগ্ৰেছত যোগ দিলে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপ সভাপতি মুকুল ৰয়ে।
তেওঁৰ পুত্ৰ প্ৰাক্তন বিধায়ক সুভ্ৰাংশু ৰয়েও যোগদান কৰে তৃণমূল কংগ্ৰেছত।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত দুয়োৱে যোগ দিলে তৃণমূল কংগ্ৰেছত।
মুকুল লয়ে টিএমচিত যোগ দি কয়- বৰ্তমানৰ পৰিস্থিতিত কোনোৱে বিজেপিত থাকিব পৰা পৰিবেশ নাই।
২৯২ খন আসনৰ ২১৩ খনতেই জয়লাভ কৰি মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ শাসনভাৰ তৃতীয় বাৰৰ বাবে লোৱাৰ পিছৰে পৰা বিজেপিয়ে ৰাজ্য চৰকাৰ খনক ব্যতিবস্ত কৰিবলৈ চেষ্টা চলাই আহিছে ।
২০১৭ চনত তৃণমূল কংগ্ৰেছ ত্যাগ কৰি মুকুল ৰয়ে বিজেপিত যোগদান কৰিছিল । শেহতীয়া নিৰ্বাচনত সুভ্ৰাংশু অধিকাৰীক অধিক গুৰুত্ব দিয়াৰ পিছৰে পৰা মুকুল ৰয়ে বিজেপিৰ পৰা আতৰি অহাৰ পৰিকল্পনা কৰি আছিল ।
সংবাদমেলত মমতা বেনাৰ্জীয়ে স্পষ্ট ভাবে কয়, যি সকল লোকে তৃণমূল কংগ্ৰেছৰ ক্ষতি হব পৰা মন্তব্য অথবা কাৰ্য কৰি আহিছিল সেইসকলক দললৈ আহিবলৈ দিয়া নহব ।ৰয়ক দললৈ পুনৰ আদৰণি জনাই দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, ৰয়ে দলত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷মমতা বেনাৰ্জীয়ে লগতে এইবুলিও কয় যে, তৃণমূল কংগ্ৰেছত পূৰ্বতে মুকুল ৰয় যি পদত আছিল তেওঁক পুনৰ সেই পদবীয়ে আগবঢ়োৱা হ’ব ৷
পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ২১৩ খনকৈ আসন লাভ কৰি তৃণমূল কংগ্ৰেছে বিজয় সাব্যস্ত কৰাৰ পাচতে ৰয়ৰ এই ওভতনিয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ ৰয়ে বিজেপিৰ হৈ উত্তৰ কৃষ্ণনগৰৰ আসন লাভ কৰিবলৈ সক্ষম হৈছিল যদিও নিৰ্বাচনত বিজেপিয়ে পৰাজয়ৰ সন্মুখীন হোৱাৰ পাচতে দলৰ পৰা দূৰত্ব বজাই ৰখা পৰিলক্ষিত হৈছিল ৷ অৱশেষত ৰাজনৈতিক মহলত চলি থকা নানান চৰ্চাৰ অৱসান ঘটাই শুকুৰবাৰে ৰয়ে পুত্ৰৰ সৈতে তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷
মুকুল ৰয় সাৰদা কেলেংকাৰীত জড়িত থকাৰ বাবেই সেই সময়ত বিজেপিত যোগদান কৰিছিল বুলি প্ৰচাৰ হৈছিল ।
লগতে পঢ়ক জন্ম নিয়ন্ত্ৰণ : মুখ্য মন্ত্ৰীৰ আহ্বানৰ প্ৰত্যুত্তৰ জনালে এ আই ইউ ডি এফে