নিউজ ডেস্ক: ৰাজধানী দিল্লীত অচিনাক্ত আততায়ীৰ গুলীত নিহত হয় ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সদস্য। বুধবাৰে নিশা পূব দিল্লীৰ গাজিপুৰ অঞ্চলত জিতু চৌধুৰী নামৰ এজন স্থানীয় বিজেপি নেতাক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।
আৰক্ষীয়ে জনোৱা মতে চৌধুৰীক নিশা প্ৰায় ৮.১৫ বজাত তেওঁৰ ঘৰৰ সন্মুখতে দুৰ্বৃত্তই গুলীয়াই থৈ যায়। জিতু চৌধুৰী পূব দিল্লীৰ ময়ুৰ বিহাৰ জিলা সমিতিৰ সম্পাদক আছিল বুলি জানিব পৰা গৈছে।
গুলীবিদ্ধ নেতাজনক স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে তেওঁ মৃত ঘোষণা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে কেইটামান খালী কাৰ্টিজ উদ্ধাৰ কৰিছে। বাতৰি যুগুত কৰা সময়লৈকে কি কাৰণত কোনে নেতাজনক হত্যা কৰিলে সেয়া জানিব পৰা হোৱা নাই যদিও দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – ধুবুৰীত বেৱপৰ্টলৰ সাংবাদিকক এনকাউন্টাৰ