নিউজ ডেস্ক : উত্তৰ-প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ ঘটনাক সমালোচনা কৰাৰ লগতে কৃষকৰ সমৰ্থনত একাধিক টুইট দিয়াৰ পিছতে বিজেপি নেতা তথা লোকসভা সাংসদ বৰুণ গান্ধীক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা বহিষ্কাৰ কৰা হয়।

বৰুণ গান্ধীৰ লগতে তেওঁৰ মাতৃ মেনকা গান্ধীকো দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা বাহিৰ কৰি দিয়া হৈছে।

বৃহস্পতিবাৰে দলৰ সভাপতি জে পি নাড্ডাই ঘোষণা কৰা দলটোৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক কমিটিত বৰুণ গান্ধী আৰু তেওঁৰ মাতৃ মানেকা গান্ধী নাম নাই। ৮০ জনীয়া কাৰ্যনিৰ্বাহকৰ সদস্য সকলৰ ভিতৰত আছে প্ৰধান মন্ত্ৰী মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰাক্তন উপ প্রধান মন্ত্ৰী এল কে আদৱানি, এম এম জোছি, ৰাজনাথ সিং, নিতিন গাডকাৰী, পিযুষ গোৱেল ইত্যাদি।

তেওঁলোকৰ উপৰি ভাৰতীয় জনতা পাৰ্টিৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যবাহী ঘোষণা কৰিছে। বৰুণ গান্ধীক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা বহিষ্কাৰ কৰা হৈছে।

তেওঁলোকৰ উপৰি পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰা অভিনেতা মিথুন চক্ৰৱৰ্তীযকো নতুন কাৰ্যনিৰ্বাহকত অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে উত্তৰ-প্ৰদেশৰ খেৰীত শেতীয়াকৈ সংঘটিত হোৱা ঘটনাক লৈ যথেষ্ট সৰৱ হৈ পৰা বৰুণ গান্ধীয়ে দীৰ্ঘদিন ধৰি চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে বিবৃতি দি আহিছিল।

আজি তেওঁ টুইটাৰত উক্ত ঘটনাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰতিবাদকাৰী কৃষকসকলক হত্যা কৰি মুখ বন্ধ কৰিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ ন্যায় বিচাৰ হ’ব লাগিব বুলি দাবী তোলে।

উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত কৃষকসকলৰ এক প্ৰতিবাদী সমদলক গাড়ীৰে মহটিয়াই নিছিল। বিজেপিৰ কেন্দ্ৰীৰ পুত্ৰৰ গাড়ীয়ে সংঘটিত কৰা উক্ত ঘটনাত ৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল।

লগতে পঢ়ক : উপ নিৰ্বাচন : কৃষ্ণ গগৈ আৰু ধৈৰ্য্য কোঁৱৰৰ মনোনয়ন দাখিল থাওৰা সমষ্টিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply