ইম্ফলঃ শুকুৰবাৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত ‘সংবিধান দিৱস’ উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অংশগ্ৰহণ কৰে।

ভাৰতীয় সংবিধানৰ প্ৰণেতা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে আয়োজিত এই অনুষ্ঠানত জে পি নাড্ডাই কয় যে চৰকাৰ আহিব আৰু যাব, কিন্তু আমাৰ গণতন্ত্ৰ আৰু মৌলিক অধিকাৰ বিলাক বিকশিত হ’ব লাগিব।

অনুষ্ঠানত ভাষণ দি নাড্ডাই ড০ ভীমৰাও আম্বেদকাৰক স্মৰণ কৰি কয় যে বাবাচাহেবে সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আমি নিশ্চিত কৰিব লাগে যে সকলোৱে সমান সুযোগ পায় যাতে গণতন্ত্ৰৰ বিকাশ আৰু উন্নয়ন হয়।

লগতে পঢ়কঃগ্ৰেপ্তাৰ হ’ব নেকি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত

ভাৰত আৰু আমাৰ সংবিধানলৈ তেওঁৰ অৱদানৰ বাবে ভাৰত ৰত্ন ড০ ভীমৰাও আম্বেদকাৰক স্মৰণ কৰোঁ বুলি বিজেপি সভাপতিগৰাকীয়ে উল্লেখ কৰে।

২০১৫ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৬ নৱেম্বৰৰ দিনটোত ”সংবিধান দিৱস” হিচাপে পালন কৰা হ’ব বুলি উল্লেখ কৰিছিল। সেয়ে ২০১৫ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰথম আইন মন্ত্ৰী ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে ‘সংবিধান দিৱস’ উদযাপন কৰা হৈছিল।

উল্লেখ্য যে, ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোতে ভাৰতীয় সংবিধান গৃহীত হৈছিল, ১৯৫০ চনৰ ২৬ জানুৱাৰীত ই কাৰ্যকৰী হয়, যি ভাৰতীয় গণৰাজ্যৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply