নিউজ ডেস্কঃ ঝাৰখণ্ডৰ জামছেদপুৰৰ টাটা ষ্টীল প্লান্টৰ ক’ক প্লান্টত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে তিনিজন কৰ্মচাৰী। আহত লোককেইজনক টাটা মেইন হস্পিতালত ভৰ্তি কৰোৱা হৈছে। পুৱা ১০বাজি ২০মিনিটত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ চেষ্টা চলাই আছে।
উক্ত দুৰ্ঘটনা সন্দৰ্ভত অৱগত কৰি আৰু আহতসকলক অতি শীৰ্ঘ্ৰে চিকিৎসা সেৱা আগবঢ়াবলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে এক টুইট কৰিছে-
দুৰ্ঘটনাটোত আহত শ্ৰমিককেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। চিকিৎসকৰ এটা ১১ জনীয়া দলে তেওঁৰ চিকিৎসাত নিয়োজিত হৈ আছে। ইতিমধ্যে ঘটনাস্থলীত কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত হৈছে।