ঢাকাৰ গুলিস্তান অঞ্চলত মঙলবাৰে ৭ মহলীয়া অট্টালিকাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। ১৪ জন লোক নিহত হোৱাৰ লগতে আহত হয় ১০০ৰো অধিক লোক। বিস্ফোৰণৰ পিছতে সমগ্ৰ অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। উদ্ধাৰ কাৰ্যৰ বাবে ততালিকে ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন নিয়োজিত কৰা হয়।
অট্টালিকাটোৰ বেছমেণ্টত বহু লোক আবদ্ধ হৈ পৰাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ৰেপিড একচন বেটেলিয়নৰ বোমা নিষ্কাশন ইউনিটে ঘটনাস্থলীলৈ গৈ অট্টালিকাসমূহ পৰিদৰ্শন কৰিছে।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি গুলিস্তান বি আৰ টি চি কাউণ্টাৰৰ দক্ষিণ দিশত অৱস্থিত অগ্নিদগ্ধ হোৱা পাঁচ মহলীয়া অট্টালিকাটোৰ তলৰ মহলাত এখন চেনিটেৰী দোকান থকাৰ লগতে বাকী মহলাত বেংকৰ কাৰ্যালয় আৰু ইয়াৰ কাষতে সাত মহলীয়া চেনিটেৰী মাৰ্কেট বিল্ডিং আছে।
ডি এম চি এইচৰ আৰক্ষী আউটপোষ্ট পৰিদৰ্শক বাচ্চু মিয়াই জনোৱা মতে, আহতসকলক ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে। আটাইকেইজনেই চিকিৎসালয়খনৰ জৰুৰীকালীন ইউনিটত চিকিৎসাধীন হৈ আছে বুলিও তেওঁ কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply