নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ গ্ৰেটাৰ নয়ডাত বাদলপুৰ থানাৰ অন্তৰ্গত দুজানা গাঁৱত ভূমি বিবাদক লৈ হিংসাত্মক ঘটনা সংঘটিত হয়। ভূমি বিতৰণক লৈ অসন্তুষ্ট এটা পৰিয়ালৰে দুটা ফৈদৰ মাজত সংঘটিত হয় এই হিংসাত্মক ঘটনা। পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে, দুয়োটা পক্ষৰ মাজত লাঠিচালনাৰ লগতে গুলীচালনাও সংঘটিত হয়।
এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। উল্লেখ্য যে, আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু দুজন লোকক গ্ৰে্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা দুজন ক্ৰমে ৰামলখন আৰু সুমন। তদুপৰি অভিযুক্ত অংকিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দুয়োটা পক্ষৰ মাজত ভূমিখিনিক লৈ পূৰ্বৰে পৰা অসন্তুষ্টি আছিল। আৰু কিছুদিন পূৰ্বে ৰামলখন আৰু যুদ্ধবীৰৰ মাজত ভূমি বিতৰণ কৰা হয়। এই ভূমি বিতৰণক লৈ অধিক অসন্তুষ্ট হয় ৰামলখন। তাৰপাছত খেতিপথাৰলৈ যুদ্ধবীৰ আৰু তেওঁৰ পত্নী গৈ থকা সময়ত ৰামলখনে দুয়োকে লাঠীৰে প্ৰহাৰ কৰে। আৰু ক্ৰমান্বয়ে এই হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰে।