নিউজ ডেস্ক : কৃষক আন্দোলন চলি থকা দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘু বৰ্ডাৰত এজন যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

আজি পুৱা কৃষক আন্দোলনস্থলীৰ মূল গে’টৰ সমীপৰ এখন লোহাৰ বেৰিকেডত বান্ধি থোৱা অৱস্থাত এজন প্ৰায় ৩৫ বছৰীয়া অচিনাক্ত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে আজি পুৱা প্ৰায় ৫ বজাত কৃষক আন্দোলনস্থলীৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা বুলি কুণ্ডলি আৰক্ষী থানাত খবৰ পাইছিল।

অতি নৃশংসতাৰে হাত কাটি পেলোৱা যুৱকজনে মৃত্যুৰ পূৰ্বে যন্ত্ৰণাত চটফটাই থকা এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত একংশ লোকক যুৱকজনে ধৰ্মীয় অনুভূতিক অসন্মান কৰা বুলি অভিযোগ কৰা শুনা যায়।

ঘটনা সম্পৰ্কত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত চলোৱাৰ লগতে আন্দোলনস্থলীত থকা লোকক সোধা-পোছা আৰম্ভ কৰিছে। আৰক্ষীয়ে একাংশ অচিনাক্ত লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে।

যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ছোনিপট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক : বাংলাদেশত দূৰ্গা পূজা মণ্ডপত আক্ৰমণ; ৩ জন নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply