নিউজ ডেস্ক– অৰুণাচল প্ৰদেশত হঠাৎ গৈ উপস্থিত হ’ল বলিউদ অভিনেতা বৰুণ ধাৱান আৰু অভিনেত্ৰী কৃতি সেনন। ৰাজ্যখনত উপস্থিত হৈয়ে দুই তাৰকাই সাক্ষাৎ কৰিলে অৰুণাচল মুখ্যমন্ত্ৰী পেমা খাণ্ডুক। কিন্তু কিয়?

পাহাৰীয়া ৰাজ্যখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যত আপ্লুত হৈ বলীউদৰ এখন আপকামিং চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে অৰুণাচলত উপস্থিত হৈছে দুই তাৰকা।

দুয়োৰে আগন্তুক ছবি Bhediya ৰ শ্বুটিঙৰ বাবে অৰুণাচল প্ৰদেশত উপস্থিত হৈছেহি ছবিখনৰ কলা-কুশলী। ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ আগতে মুখ্যমন্ত্ৰীগৰাকীক লগ কৰে দলটোৱে। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সাক্ষাতৰ সময়ত উপস্থিত থাকে গৃহ আৰু আন্তঃৰাজ্যিক পৰিক্ৰমা মন্ত্ৰী বামাং ফেলিক্স, মুখ্য সচিব নৰেশ কুমাৰ আৰু সোম চোমবেও। বলিউডৰ তাৰকা বৰুণ ধৱন আৰু কৃতি সেননৰ লগতে ছবিখনৰ সকলো কলা-কুশলীক সাক্ষাৎ কৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।


বলীউদৰ প্ৰযোজক দীনেশ বিজনৰ প্ৰযোজনা আৰু অমৰ কৌশিকৰ পৰিচালনাৰে নিৰ্মাণ হ’ব Bhediya ছবিখন। ছবিখনত কৃতি সেনন, বৰুণ ধাৱনৰ লগতে আন দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিষেক বেনাৰ্জী আৰু দীপক ডব্ৰিয়ালক।
২০২২ চনৰ ১৪ এপ্ৰিলত মুক্তি পাব BHEDIYA নামৰ এই চলচ্চিত্ৰখনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply