নিউজ ডেস্কঃ ভাৰতত আৰম্ভ হৈছে কৰোনাৰ দ্বিতীয়টো ঢৌ । ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰনাত আক্ৰান্তৰ সংখ্যা।

ইতিমধ্যে বলীউদৰ বহুকেইগৰাকী তাৰকা কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। অভিনেত্ৰী দীপিকা পাডুকন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

 পিতৃ আক্ৰান্ত হোৱা কেইটামান দিনৰ পিছতে কৰোনাত আক্ৰান্ত হৈছে অভিনেত্ৰীগৰাকী।

 দীপিকাৰ মাতৃ আৰু ভগ্নীও আক্ৰান্ত হৈছে কৰোনাত। কোভিড পজিটিভ হোৱাৰ পাছতে পৰিয়ালৰ সৈতে বেংগালুৰুত হোম কোৱাৰেন্টাইনত আছে অভিনেত্ৰীগৰাকী ।

 উল্লেখ্য যে, কৰোনা ভাইৰাছে চলোৱা সংহাৰৰ বাবে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। এনে সময়ত সাধাৰণ মানুহৰ মনত মানসিক ভাৱে সাহস যোগাবলৈ অভিনেত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল।

তেওঁ লিখিছিল, ‘এই সময়ত আমি পাহৰিব নালাগে, যে মানসিকভাৱে ভাল হোৱাটো আমাৰ বাবে সমানে গুৰুত্বপূৰ্ণ । মনত ৰাখিব আপুনি অকলশৰীয়া নহয়, আমি এই কঠিন সময়ত একেলগে আছো । সকলো সময়তে মনত ৰাখিব, আমাৰ স’তে আশা আছে ।’

দীপিকাই হেছটেগৰ স’তে লিখে #Youarenotalone, @tillfoundation।

লগতে দীপিকাই গোলাপী ৰঙৰ ১২ টা বিভিন্ন শ্লাইডত প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ নম্বৰ শ্বেয়াৰ কৰিছিল।

লগতে পঢ়ক: তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন মমতা বেনাৰ্জীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply