নিউজ ডেস্কঃ জনপ্ৰিয় বলীউদ অভিনেত্ৰী কেটৰিনা কাঈফ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।
বৰ্তমান অভিনেত্ৰী গৰাকীয়ে নিজ বাসগৃহত নিজকে আছুতীয়াকৈ ৰাখিছে।
অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰাম ষ্টৰীত কভিডত আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত কৰিছে।
তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোককে অভিনেত্ৰী গৰাকীয়ে কভিড পৰীক্ষা কৰিবলৈ অনুৰুধ জনাইছে।
”মই কৰোণা ভাইৰাছত আক্ৰান্ত হৈছো। এতিয়া নিজকে কোৱাৰেন্টাইনত ৰাখিছো। চিকিৎসকৰ পৰামৰ্শ মতে সকলো ধৰণৰ প্ৰ’টকল মানি চলিছো। শেহতীয়াকৈ মোৰ সংস্পৰ্শলৈ অহা সকলে শীৰ্ঘ্ৰেই কভিড১৯ৰ পৰীক্ষা কৰক।” ছচিয়েল মিডিয়া যোগে এই আহ্বান জনাইছে কেটৰীণা কাঈফে।
এদিন পূৰ্বেই অভিনেতা বিকী কৌশল আৰু অভিনেত্ৰী ভূমি পাডেনকাৰো কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।
ইয়াৰ বাহিৰেও বলীউদৰ বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ো আক্ৰান্ত হৈছে কভিড১৯ত।