নিউজ ডেস্ক : এইবাৰ আৰ্থিক দুৰ্নীতিৰ এক গোচৰত সোমাই পৰিছে বলিউডৰ মোহময়ী অভিনেত্ৰী জ্যাকলিন ফাৰ্নাণ্ডেজ (Jacqueline Fernandez)-ৰ নাম। অৱশ্যে অভিযুক্ত হিচাপে নহয়, এগৰাকী সাক্ষী হিচাপে অভিনেত্ৰী গৰাকীৰ নাম সাঙুৰ খাইছে।

সোমবাৰে এনফোৰ্সমেণ্ট ডিৰেক্টৰেট (Enforcement Directorate)-এ ৫ ঘণ্টাতকৈ অধিক সময় ধৰি অভিনেত্ৰী গৰাকীক এক ধন জালিয়াতিৰ গোচৰত সোধা পোচা চলায়।

জানিব পৰা মতে, সুকেশ চন্দ্ৰশেখৰ নামৰ এজন প্ৰবঞ্চকৰ কেইবা শ কোটি টকীয়া এক ধন জালিয়াতিৰ গোচৰৰ এগৰাকী সাক্ষী হিচাপে এনফোৰ্সমেণ্ট ডিৰেক্টৰেটে অভিনেত্ৰী গৰাকীৰ ভাষ্য গ্ৰহণ কৰে।

দিল্লী আৰক্ষীৰ ওচৰত সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে এজন ব্যৱসায়ীৰ পৰা ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰ চলি আছে। বৰ্তমান চন্দ্ৰশেখৰ তিহাৰ কাৰাগাৰক বন্দী কৰি ৰখা হৈছে।

এনফোৰ্সমেণ্ট ডিৰেক্টৰেটে চেন্নাইত থকা সুকেশ চন্দ্ৰশেখৰৰ ১০ কোটি টকীয়া বাংলোত অভিযান চলায়।

লগতে পঢ়ক : ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা জিলাত দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply