নিউজ ডেস্ক : মহাৰাষ্ট্ৰৰ নাছিকত এক হাই-প্ৰফাইল ৰেভ পাৰ্টিত জনপ্রিয় ৰিয়েলিটি শ্ব’ বিগ বছৰ এজন প্ৰাক্তন প্ৰতিযোগীসহ বলীউদৰ ২২ জন কলা-কুশলীক মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উক্ত পাৰ্টিত ভালেকেইজন অভিনেতা আৰু ক’ৰিঅ’গ্ৰাফাৰ উপস্থিত আছিল। মহাৰাষ্ট্ৰ আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলৰ ভিতৰত ২ জন বিশিষ্ট ক’ৰিঅ’গ্ৰাফাৰ, এগৰাকী প্ৰাক্তন বিগ বছৰ প্ৰতিযোগী, আৰু বলীউড-দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ৪ গৰাকী অভিনেত্ৰী উপস্থিত আছিল।
আৰক্ষীৰ অভিযানকালত, উক্ত পাৰ্টিত বহুটো নিচাজাতীয় পদাৰ্থ আৰু নগদ ধন উদ্ধাৰ কৰা হৈছিল। লগতে সকলোকে অবৈধ সুৰা আৰু অন্যান্য নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা দেখা গৈছিল। মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ আৰক্ষী অধীক্ষক শচীন পাটিলে উক্ত ঘটনা সন্দৰ্ভত কয় যে, “আৰক্ষীয়ে ইগাতপুৰী পাহাৰীয়া ষ্টেচনৰ এটা ব্যক্তিগত বাংলোত ৰেভ পাৰ্টিৰ অভিযানৰ সময়ত ১২ গৰাকী মহিলাসহ ২২ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ কৱলৰ পৰা কেইবা প্ৰকাৰৰ ড্ৰাগছসহ নগদ ধন জব্দ কৰা হৈছে।”
লগতে পঢ়ক : ক’ভিডত স্বামীক হেৰোৱা বিধৱাই লাভ কৰিব ২.৫ লাখ টকাৰ আৰ্থিক সাহায্য
ইতিমধ্যে আৰক্ষীয়ে আটাইকেইগৰাকীকে জিম্মাত লৈ তদন্ত চলাই আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। লগতে আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানৰ সময়ত ১২ গৰাকী মহিলাৰ ভিতৰত ৫ ৰ পৰা ৬ গৰাকী মহিলা বলীউড আৰু দক্ষিণ চলচ্চিত্ৰৰ অভিনেত্ৰী বুলি জানিব পৰা গৈছে। বৰ্তমান গ্ৰেপ্তাৰ কৰা আটাইকেইগৰাকীকে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।