নিউজ ডেস্কঃ হিন্দী চলচ্চিত্ৰৰ কিংবদন্তী অভিনেত্ৰী মিনু মমতাজৰ দেহাৱসান। শনিবাৰে কানাডাত মৃত্যু হয় ৭৯ বছৰীয়া অভিনেত্ৰীগৰাকীৰ।
মমতাজৰ মৃত্যুৰ খবৰ তেওঁৰ ভাতৃ আনৱাৰ আলীয়ে এই দুখৰ খবৰটো অৱগত কৰে।
মমতাজে ‘ঘৰ ঘৰ মে দেৱালী’ বোলছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ছবিখন ১৯৫৫ চনত মুক্তি দিয়া হৈছিল। তেওঁ ছবিখনত এগৰাকী গাঁৱৰ নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে, মিনুৱে ছবিখনৰ জৰিয়তে বিশেষ সফলতা লাভ কৰা নাছিল।
তেওঁ ‘সখী হাতিম’ বোলছবিখনৰ জৰিয়তেহে প্ৰকৃত স্বীকৃতি লাভ কৰিছিল। এই চিনেমাখনত তেওঁ জলপৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।
মীনু মুমতাজ বলীউডৰ চুপাৰষ্টাৰ তথা কৌতুক অভিনেতা মেহমুদৰ ভগ্নী আছিল। মীনুৰ জন্ম ১৯৪২ চনৰ ২৬ এপ্ৰিলত হৈছিল। তেওঁ সৰুৰে পৰাই নৃত্যৰ প্ৰশিক্ষণ লৈছিল। মেহমুদৰ গোটেই পৰিয়ালটো অভিনয়ৰ সৈতে জড়িত আছিল সেইবাবে মিনু মুমতাজো অভিনয়ৰ প্ৰতি আকৃষ্ট হয়।
১৯৫৮ চনত মুক্তিপ্ৰাপ্ত ছবি ‘হাওৰা ব্ৰীজ’ চিনেমাখনত ভাতৃ মেহমুদৰ সৈতে ৰোমাঞ্চ কৰি বেছ চৰ্চাৰ বিষয় হৈ পৰিছিল মিনু মমতাজ। চিনেমাখনত ভাতৃ-ভগ্নীৰ ৰোমাঞ্চৰ বাবে সমালোচিত হৈছিল মমতাজ।
মমতাজক বেছিভাগ চলচ্চিত্ৰত কৌতুক অভিনেতা জনি ৱাকাৰৰ সৈতে একেলগে দেখা গৈছিল। দুয়োগৰাকীয়ে কেইবাখনো চলচ্চিত্ৰত একেলগে কাম কৰিছিল।
মিনু মমতাজে ১৯৬৩ চনত পৰিচালক চৈয়দ আলী আকবৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।
শেহতীয়াকৈ মমতাজৰ স্বাস্থ্যৰ বহু অৱনতি ঘটিছিল, চিকিৎসকে তেওঁৰ দেহত টিউমাৰৰ অৱস্থিতি ধৰা পেলাই। অস্ত্ৰোপচাৰ কৰাৰ পিছত তেওঁ আৰোগ্য হৈছিল। ইয়াৰ পিছতেই তেওঁ কানাডাত থাকিবলৈ লৈছিল । কিন্তু শনিবাৰে পুৱা সকলোকে এৰি চিৰদিনৰ বাবে গুছি যায় হিন্দী চলচ্চিত্ৰৰ এই প্ৰবীণ অভিনেত্ৰীগৰাকী।