নিউজ ডেস্কঃ ব্ৰাজিলত এতিয়া ধাৰাসাৰ বৃষ্টিপাত আৰু ভূমিস্খলনে চলাইছে তাণ্ডৱ। বৃষ্টিপাতৰ ফলত সৃষ্টি হৈ বান আৰু ভূমিস্খলনৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ব্ৰাজিলৰ পেট্ৰোপোলিচ চহৰত বহু কেইজন লোকৰ মৃত্যু হৈছে। লগতে আন বহু ক্ষয়ক্ষতিৰো খবৰ পোৱা গৈছে।
জানিব পৰা মতে, ভূমিস্খলন আৰু বানৰ ফলত ৯৪জন লোকে বৰ্তমানলৈ ব্ৰাজিলত প্ৰাণ হেৰুৱাইছে আৰু ৫৪টাকৈ ঘৰ ভাঙি গৈছে। ইফালে, এই বান আৰু ভূমিস্খলন পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে নাগৰিক সুৰক্ষা সেৱাই। বৰ্তমানলৈ নাগৰিক সুৰক্ষা সেৱাই ২৪জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ৩৫জন লোক বৰ্তমানো নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ব্ৰাজিলত মঙলবাৰৰ পৰা নেৰানেপেৰাকৈ বৃষ্টিপাত হৈ থকাৰ ফলতে সৃষ্টি হৈছে এনে ভয়ংকৰ পৰিস্থিতিৰ।