নিউজ ডেস্কঃ ব্ৰাজিলৰ বিখ্যাত গায়ক এম চি কেভিনৰ মৃত্যু। ৰিঅ’ ডি জেনেৰিঅ’ৰ এখন হোটেলৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু হ’ল ২৩বছৰীয়া গায়ক গৰাকীৰ।
ঘটনা অনুসৰি উক্ত হোটেলখনৰ একাদশ মহলাৰ এটা ৰূমত গায়কগৰাকীৰ আছিল। সেই হোটলখনৰে পঞ্চম মহলাত তেওঁৰ কেইজনমান বন্ধু আছিল।
বন্ধু কেইজনক লগ কৰিবলৈ এম চি কেভিন পঞ্চম মহলালৈ গৈছিল। পঞ্চম মহলাৰ বেলকনীত থিয় হৈ থাকোতে হঠাৎ গায়কগৰাকী তলত পৰি যায় বুলি বন্ধু কেইজনে আৰক্ষীক দিয়া স্বীকাৰোক্তিত প্ৰকাশ পাইছে।
কেভিনত ততাতৈয়াকৈ হস্পিতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
কেভিনৰ আকস্মিক মৃত্যুৱে সকলোকে হতবাক কৰিছে। এই মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰা হৈছে।
এইয়া প্ৰকৃততে হত্যাকাণ্ড নে দুৰ্ঘটনা সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।
এম চি কেভিনে দুসপ্তাহ পূৰ্বে তেওঁৰ গাৰ্লফ্ৰেণ্ড ডিঅ’লেন বেজেৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
ডিঅ’লেন বেজেৰা পেছাত এগৰাকী অধিবক্তা।
আৰু পঢ়কঃদেশত ক’ভিডৰ ফলত ১ হাজাৰৰ অধিক চিকিৎসকৰ মৃত্যু; দ্বিতীয়টো ঢৌত ২৭০ গৰাকীয়ে মৃত্যুক সাবটিলে