নিউজ ডেস্ক- বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লংলিয়াং গাৱঁত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটি ছয় বছৰীয়া শিশুৰ লগতে এজন ৬৫বছৰীয়া লোকৰ মৃত্যু হয়।

ভয়ংকৰ অগ্নিয়ে মুহূৰ্ততে ভস্মীভূত কৰে গাওঁখনৰ প্ৰায় ৮৩টাকৈ বাসগৃহ।

কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল সেই সন্দৰ্ভত এতিয়ালৈ জানিব পৰা হোৱা নাই।

অগ্নিকাণ্ড সংঘটিত হোৱা এই গাওঁখন টিৰাপৰ জিলাৰ খোনছাৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত।

অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী প্ৰশাসনৰ দল।

ইতিমধ্যে লাজ’ৰ অতিৰিক্ত সহকাৰী আয়ুক্ত ডি কে থংডোক, তিৰাপৰ উপায়ুক্ত টাৰ’ মিজে আৰু কাৰ্দা কাবাকে পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় লগতে এই ঘটনাৰ বাবে গভীৰভাৱে শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply