নিউজ ডেস্কঃ মানুহৰ ভাগ্য ৰথৰ চকৰীৰ দৰে। কাৰ ভাগ্য কেতিয়া সলনি হয় কোনোও ক’ব নোৱাৰে। ঠিক তেনে এক ঘটনাই সংঘটিত হ’ল মধ্যপ্ৰদেশৰ এজন ব্যক্তিৰ ক্ষেত্ৰত।
মধ্যপ্ৰদেশৰ পান্না জিলাৰ এটা সৰু ইটা ভাটাৰ ব্যৱসায় চলাই থকা এজন ব্যক্তিয়ে মাটি খনন কৰি থাকোতেই উদ্ধাৰ কৰে ২৬.১১ কেৰেটৰ এটুকুৰা হীৰা।
পান্না জিলাৰ diamond officer ৰবি পেটেলে কয় যে মূল্যৱান এই হীৰা টুকুৰা নিলামত ১.২০ কোটি লৈকে লাভ কৰিব পাৰে।পান্না চহৰৰ কিশোৰগঞ্জৰ বাসিন্দা সুশীল শুক্লা আৰু তেওঁৰ সহযোগীকেইজনে সোমবাৰে কৃষ্ণ কল্যাণপুৰ অঞ্চলৰ ওচৰত অৱস্থিত খনিত হীৰাটুকুৰা বিচাৰি পাইছিল।
লগতে পঢ়কঃAirthings Masters:১৬বছৰীয়া প্ৰজ্ঞানন্ধাই পৰাজিত কৰিলে বিশ্বৰ ১নং দবা খেলুৱৈক
ৰত্নটো কেইদিনমান নিলামৰ বাবে ৰখা হ’ব আৰু তাৰ পৰা লাভ কৰা আয় চৰকাৰী ৰয়েলটি আৰু কৰ কৰ্তনৰ পিছত খনন কৰা লোককেইজনক দি দিয়া হ’ব বুলি ৰবি পেটেলে উল্লেখ কৰে।
সৰু এডোখৰ ভূমি ভাড়াতলৈ এটা ইটা ব্যৱসায় চলাই থকা সুশীল শুক্লা আৰু তেওঁৰ পৰিয়ালে ২০বছৰ ধৰি হীৰা খননৰ কামত জড়িত আছিল, কিন্তু এইয়া প্ৰথম বাৰৰ বাবে তেওঁলোকে মূল্যবান ৰত্ন উদ্ধাৰ কৰিছে।
নিলামত হীৰাটোৱে ১.২ কোটি টকাতকৈ অধিক লাভ কৰিব বুলি আশা কৰি শুক্লাই কয়, “মই নিলামৰ পিছত অহা ধন ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰিম। ”
হীৰাৰ খনিৰ বাবে বিখ্যাত পান্না জিলা মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা ৩৮০ কিলোমিটাৰ দূৰত। জিলাখনত ১২ লাখ কেৰেট হীৰা আছে বুলি অনুমান কৰা হৈছে।