নিউজ ডেস্ক: প্ৰায় দুমাহ পূৰ্বে গুজৰাটত এখন পাঁচ বছৰ পুৰণি দলং খহি শতাধিক লোকৰ মৃত্যু ঘটাৰ পিছত এইবাৰ পুনৰ দেশত সংঘটিত হৈছে এক অনুৰূপ দুৰ্ঘটনা। অৱশ্যে এইবাৰ গুজৰাট নহয় বিহাৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।
দেওবাৰে বিহাৰৰ বেগুচৰাইত দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন হোৱাৰ পূৰ্বেই ৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা এখন দলং দুভাগ হৈ নদীত ভাঙি পৰে। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকৰ হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ১৩ কোটি টকা ব্যয়েৰে বেগুচৰাইৰ বুঢ়ী গণ্ডক নদীৰ ওপৰত নিৰ্মিত দংলখন অনগাত কিছুদিনৰ ভিতৰতে জনসাধাৰণৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা আছিল।
স্থানীয় লোকে অভিযোগ কৰা মতে ২০৬ মিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ বিভিন্ন অংশত ফাট মেলা দেখা গৈছিল। দলংখন কি কাৰণত খহিল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি জিলাখনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনায়।
লগতে পঢ়ক – বটদ্ৰৱা উচ্ছেদ হিমন্ত বিশ্ব চৰকাৰৰ শিয়াল বুদ্ধিয়া কৌশল: অখিল গগৈ