নিউজ ডেস্কঃ ভাৰতৰ বিভিন্ন প্ৰান্তত গো-মাতাক পূজা কৰা হয়। কিন্তু আপুনি কেতিয়াবা লণ্ডনৰ ৰাস্তাত এনে ধৰণৰ দৃশ্য দেখিছে নেকি য’ত গৰুৰ উপাসনা কৰা হৈছে। নে আপুনি কেতিয়াবা এনেকুৱা দৃশ্যকল্পনা কৰিছিল? সঁচাকৈ এনেকুৱা দৃশ্য লণ্ডনৰ ৰাস্তাতে সম্ভৱ হৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী, ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকে তেওঁৰ পত্নীৰ সৈতে ব্ৰিটেইনৰ ৰাজপথত গো পূজা কৰে। এই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো প্ৰত্যক্ষ কৰি গোভক্ত নেটিজেনসকলে ঋষি চুনাকক প্ৰশংসাৰে উপচাই দিছে।
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে লণ্ডনৰ এটা ৰাস্তাৰ চাৰিওফালে বেৰিকেডৰ দ্বাৰা আৱৰি আছে। বেৰিকেডত এটা গৰু থিয় হৈ আছে। গৰুটো ধুনীয়াকৈ সজোৱা হৈছে। গৰুটোৰ গাত ৰঙীন ৰঙীণ কৈ প্ৰিন্ট কৰি দিয়া হৈছে। ইফালে বেৰিকেডৰ চাৰিওফালে,কিছু লোকো গৰুৰ উপাসনা চাবলৈ সমবেত হৈছিল। চুনাক আৰু তেওঁৰ পত্নীয়ে গৰুটোৰ গাত তামৰ পাত্ৰৰ পৰা পানী ছটিয়াইছিল। ইয়াৰ পিছত, তাত উপস্থিত পুৰোহিতজনে চুনাকক পৰৱৰ্তী ৰীতি-নীতিৰ বিষয়ে কৈছিল। তাৰ পিছত, তেওঁলোকে আৰতি আৰম্ভ কৰা দেখা গৈছে। প্ৰত্যক্ষ কৰক ভিডিঅ’টো-
উল্লেখ্য যে, চুনাকে জন্মাষ্টমীত ভক্তিবেদান্ত মনোৰ মন্দিৰলৈ যোৱাৰ ফটোও তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। ঋষিয়ে ২০০৬ চনত বাংগালুৰুৰ অক্ষত মূৰ্তিক বিয়া কৰাইছিল। অক্ষত ইনফোচিছৰ মুৰব্বী নাৰায়ণ মূৰ্তিৰ জীয়ৰী। যেতিয়া চুনাকে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত এমবিএ পঢ়ি আছিল তেতিয়াই দুয়োজনৰ মাজত চিনাকি হৈ বন্ধুত্ব গঢ়ি উঠিছিল। তাৰ পিছত তেওঁলোকে বিবাহ পাশত আৱদ্ধ হয়।
বৰিছ জনছনৰ পিছত, ব্ৰিটেইনৰ জনসাধাৰণে এজন নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব। বিট্ৰেইনৰ প্ৰধানমন্ত্ৰীৰ তালিকাক আছে ভাৰতীয় বংশোদ্ভূত ঋষি চুনাক।