নিউজ ডেস্কঃ পঞ্জাৱৰ অমৃতসৰত বিএছএফৰ এটা মেচত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই গুলীচালনাত ৫জন বিএছএফ জোৱানৰ মৃত্যু হয়। তদুপৰি এজন জোৱান গুৰুতৰভাৱে আহত হৈছে। আহত জোৱানজনক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে।

এই ঘটনা দেওবাৰে অমৃতসৰ শাখাৰ ১৪৪ নং বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত সংঘটিত হয়। এজন কনষ্টেবলে ভুলবসত গুলীচালনা কৰে আৰু ৫জনকৈ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হয়।

বিএছএফৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয় যে আহত জোৱানজনৰ অৱস্থা সংকটজনক। আৰু গুলীচালনাৰ এই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply