নিউজ ডেস্কঃ অমৃতসৰৰ পাছত এইবাৰ পশ্চিম বংগৰ মুৰ্ছিদাবাদত এজন বিএছএফ জোৱানে গুলীয়াই এজন সতীৰ্থ জোৱানৰ হত্যা কৰাৰ পাছত নিজেও আত্মহত্যাৰ পথ বাচি লয়। এগৰাকী বিএছএফ জোৱানে এই সন্দৰ্ভত কয় যে- এই ঘটনা ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপতস্থিত বিএছএফৰ শিবিৰত সংঘটিত হৈছে।

বিষয়া গৰাকীয়ে লগতে কয়- দুয়োগৰাকী জোৱানক তলব কৰা হৈছিল। আৰু ইয়াৰ পাছতে দুয়োৰে মাজত সংঘৰ্ষ সৃষ্টি হয়। উল্লেখযোগ্য যে, দেওবাৰে অমৃতসৰত বিএছএফৰ ৫জনকৈ জোৱানৰ মৃত্যু হয়। এজন বিএছএফ জোৱানে কেম্পত দেওবাৰে সতীৰ্থ জোৱানকেইজনৰ ওপৰত গুলীচালনা কৰে।

এই গুলীচালনাত চাৰিজনে প্ৰাণ হেৰুৱাই আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গুলীচালনা কৰা জোৱানজনৰো গুলীবিদ্ধ হৈ মৃত্যু হয়। দেওবাৰে পুৱা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এই ঘটনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply