নিউজ ডেস্কঃ বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়ে কংগ্ৰেছক লক্ষ্য কৰি লৈছে। তীব্ৰ সমালোচনা কৰি মায়াৱতীয়ে কয় যে- ‘বিএছপিয়ে দলিতসকলৰ উন্নতিৰ বাবে পাৰ্যমানে চেষ্টা কৰিছে। কিন্তু কংগ্ৰেছে দলিত সকলৰ সামাজিক-অৰ্থনৈতিক উন্নতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।’
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উদ্দেশ্যে মায়াৱতীয়ে কয় যে- ‘তেওঁ নিজৰ পৰিয়ালকে চম্ভালিব পৰা নাই, কিন্তু আমাৰ দলৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।’ উল্লেখ্য যে, ৰাহুল গান্ধীয়ে শেহতীয়াকৈ মায়াৱতীক উদ্দেশ্যি কৈছিল যে- ‘উত্তৰপ্ৰদেশত মায়াৱতীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। আমি তেওঁক মেছেজ কৰিছিলো, আমাৰ সৈতে মিত্ৰতা কৰিবলৈ কৈছিলো। মুখ্যমন্ত্ৰী হ’বলৈ কৈছিলো। কিন্তু তেওঁ আমাৰ সৈতে কথাই নাপাতিলে।’
লগতে ৰাহুল গান্ধীয়ে কয়- ‘মই কাঁশী ৰামজীক সন্মান কৰো। মই বহু কষ্ঠৰে উত্তৰপ্ৰদেশৰ দলিত সকলক আগুৱাই আনিলো। তেওঁলোকৰ মনৰ কথা সকলোৰে আগত লৈ আনিলো। তাৰ বাবে কংগ্ৰেছে লোকচানৰো সন্মুখীন হ’ল। সেয়া এক পৃথক বিষয়। কিন্তু দলিতসকলৰ কন্ঠক সকলোৰে আগত আনিলো। আৰু আজি মায়াৱতীয়ে কৈছে যে তেওঁ দলিতসকলৰ বাবে যুঁজ নিদিয়ে।’ ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মায়াৱতীয়ে।