নিউজ ডেস্ক : ‘বুল্লি বাই’ এপৰ আঁৰৰ মূল যুৱকজনক আজি দিল্লী আৰক্ষীয়ে অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীয়ে জনোৱা মতে ২০ বছৰীয়া নিৰজ বিষ্ণয়ে ‘বুল্লি বাই’ এপটো নিৰ্মাণ কৰিছিল।
দিল্লীৰ ডি চি পি (স্পেচিয়েল চেল) কে পি এছ মালহোত্ৰাক নেতৃত্বত অহা দলে আজি যোৰহাটৰ পৰা অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে। যুৱকজনৰ ঘৰ যোৰহাটৰ দিগম্বৰচুকত, তেওঁ ভেল্লৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ বি–টেকৰ ছাত্ৰ।
উল্লেখযোগ্য যে এই বিতৰ্কিত এপটোত শ শ মুছলমান মহিলাৰ ফটো তেওঁলোকৰ অনুমতি অবিহনে অশ্লীল আৰু বিকৃত ৰূপত আপলোড কৰি নিলামৰ বাবে ৰখা হৈছিল।
উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোত এই পৰ্য্যন্ত চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।
ঘটনাৰ তদন্ত চলাই থকা মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে উত্তৰাখণ্ডৰ এগৰাকী ১৯ যুৱতী, বেংগালুৰৰ এজন ২১ বছৰীয়া যুৱক আৰু উত্তৰাখণ্ডৰ এজন ২১ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে।
দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে আজি দিনৰ প্ৰায় ৩.৩০ বজাত নিৰজ বিষ্ণইক দিল্লীত হাজিৰ কৰোৱা হ’ব।
লগতে পঢ়ক – তিনিদিনীয়া কাৰ্যসূচীৰে ৰেডিছন ব্লুত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ফেষ্টিভেল