নিউজ ডেস্ক : ক’ভিড মহামাৰীৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ মাজতে এক সুসজ্জিত চোৰৰ দলে সংঘটিত কৰা এক চুৰিকাণ্ডই দেশৰ ৰাজধানী দিল্লীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চোৰৰ এটা দলে দিল্লীৰ শ্বাহদৰাস্থিত এটা বেংকৰ পৰা ৫৫ লাখ টকা চুৰি কৰে।
সোমবাৰে দিল্লী আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত কেইজনক এই পৰ্য্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই।
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, চোৰৰ দলটোৱে কাষৰ এটা নিৰ্মীয়মাণ বিল্ডিঙৰ দেৱাল ভাঙি বেংকটোত প্ৰৱেশ কৰে আৰু ভ’লটৰ এটা চেম্বাৰত ৰখা প্ৰায় ৫৫ লাখ টকা লৈ উধাও হয়।
লগতে পঢ়ক : অকালতে দৃষ্টিশক্তি হেৰুওৱা গোৰেশ্বৰৰ প্ৰাণজিতৰ জীৱন সংগ্ৰাম
অৱশ্যে, বাকী লকাৰ বিলাকত থকা টকা, গহনা আদি সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ঘটনাটো দিনৰ ভাগতে সংঘটিত হয় বুলি আৰক্ষী বিষয়া গৰাকীয় জানিবলৈ দিয়ে।
সোমবাৰে পোৱা ঘটনাটোৰ বিষয়ে জানিব পাৰি বেংকৰ বিষয়াসকলে আৰক্ষীক খবৰ দিয়ে আৰু সেই অনুসৰি ফৰ্স বজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়।