নিউজ ডেস্কঃ আটলান্টিক মহাসাগৰৰ মাজত দাউদাউকৈ জ্বলি উঠে এখন মালবাহী জাহাজ। এই প্ৰকাণ্ড আকাৰৰ ফেলিচিটী এচ নামৰ জাহাজখনত নিয়া হৈছিল বহু কেইখন কোটি কোটি টকীয়া বিলাসী বাহন। জানিব পৰা মতে, এই ঘটনা সংঘটিত হয় বুধবাৰে।
জাহাজখনত সংঘটিত এই অগ্নিকাণ্ডৰ এটা ভিডিঅ’ও ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জাহাজখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত জাহাজখনৰ ২২জন ক্ৰু আৰু পৰ্টুগলৰ নৌসেনা তথা বায়ু সেনাই একেলগে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই মালবাহী জাহাজখনত আছিল প্ৰায় ৩,৯৬৫খন বিলাসী বাহন।
ভক্সৱেগন, পৰ্চি, অডী, লেম্বৰগিনী আদি কোম্পানীৰ বাহন এই জাহাজখনত নিয়া হৈছিল। অৱশ্যে বৰ্তমানলৈ এই জাহাজখনত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ’ল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।